ফাইজাৰৰ টিকাগ্ৰহণৰ পাছতাে ইজৰাইলত কৰ’নাৰ ব্যাপক সংক্রমণ

im 364762

কৰ’নাৰ সংক্রমণ ৰােধ কৰিবলৈ বিশ্বজুৰি ব্যাপক টিকাকৰণ অব্যাহত আছে । কিন্তু টিকাকৰণৰ পাছতাে বিশ্বৰ একাধিক দেশত কৰ’নাৰ সংক্রমণ বৃদ্ধি পাইছে। ইজৰাইলতাে কৰ’নাৰ বর্ধিত সংক্রমণে বিশেষজ্ঞসকলক চিন্তিত কৰি তুলিছে।

টিকা গ্ৰহণ কৰাৰ পাছতাে অসংখ্য লােক দেশখনত এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈছে। কৰ’না সংক্রমণ প্রতিৰােধ কৰিবলৈ ইজৰাইলত যােৱা দুই মে’ৰ পৰা পাঁচ জুনলৈকে তলাবন্ধ কৰা হৈছিল।

ইজৰাইলত টিকাকৰণত ফাইজাৰৰ প্রতিষেধক সর্বাধিক ব্যৱহাৰ কৰা হৈছে। কিন্তু ফাইজাৰৰ প্রতিষেধক লােৱাৰ পাছতাে বৃহৎ সংখ্যক লােক ক’ভিডত আক্রান্ত হােৱাৰ প্রতি লক্ষ্য ৰাখি এই প্রতিষেধক কার্যকাৰিতাৰ গুণ হাস পােৱা বুলি বিশেষজ্ঞসকলে মতপ্রকাশ কৰিছে ।

ক’ভিডৰ নতুন প্রজাতিৰ ভাইৰাছ প্ৰতিৰােধৰ ক্ষেত্ৰত ফাইজাৰৰ এই প্রতিষেধক ভবা ধৰণৰে ইজৰাইলত কার্যকৰী হােৱা নাই বুলি বিশেষজ্ঞসকলে অভিযােগ কৰিছে।

Exit mobile version