মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদমেল

যোৱা সাত জুলাইত অনুষ্ঠিত কেবিনেট বৈঠকৰ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি অসম চৰকাৰৰ মুখপাত্ৰ, কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাই এক সংবাদমেল যোগে ঘোষণা কৰে ।

★ এতিয়াৰ পৰা অসমৰ গাঁওবুঢ়াসকলক গাঁওপ্ৰধান হিচাপে নামাকৰণ কৰা হয় । গাঁওপ্ৰধানসকলে ৩০ বছৰৰ পৰা সৰ্বোচ্চ ৬৫ বছৰ বয়স পৰ্যন্ত এই পদত কাম কৰি থাকিব পাৰিব ।

★ একচনীয়া অথবা চৰকাৰী আবন্টন যোগ্য ভূমিত বসবাস কৰা ভূমিহীন খিলঞ্জীয়া লোকসকলৰ ক্ষেত্ৰত ধুমুহা, বানপানী আদি প্ৰাকৃতিক দুৰ্যোগত তেওঁলোকৰ বাসগৃহ ক্ষতিগ্ৰস্ত হ’লে চৰকাৰীভাৱে পুনৰ সংস্থাপনৰ বাবে তেওঁলোকে সাহাৰ্য লাভ কৰিব । কিন্তু ইয়াৰ বাবে সেই লোকসকল প্ৰকৃত হিতাধিকাৰী নে স্বভাৱগত বেদখলকাৰী তাৰ পৰীক্ষা কৰা হ’ব ।

★ ছিপাঝাৰত মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত কৃষি কাৰ্য কৰিবলৈ লোৱা ৭৭ হেজাৰ বিঘা ভূমিৰ কাষতে অৱস্থিত ঢলপুৰ শিৱ মন্দিৰক পৰ্যটন স্থলীলৈ পৰ্যবেক্ষিত কৰি ইয়াৰ গুৰুত্বপূৰ্ণ চিত্ৰ আৰু ভাস্কৰ্য সংৰক্ষণ কৰাৰ বাবে মন্দিৰ কৰ্তৃপক্ষক ১৮০ বিঘা ভূমি প্ৰদানৰ সিদ্ধান্ত লোৱা হয় ।

★ ২০০৩ ত কোকৰাঝাৰ, চিৰাং, বাগসা আৰু ওদালগুৰি জিলা কেইখন সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত হোৱাৰ আগৰপৰা জিলাকেইখনৰ ট্ৰাইবেল বেল্টত বসবাস কৰা গোৰ্খাসকলক Protected Class হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে । শদিয়া ট্ৰাইবেল বেল্টত স্থায়ীভাৱে বসবাস কৰা মৰাণ, মটক, আহোম, চুটীয়া আৰু গোৰ্খা সম্প্ৰদায়ক List of Protected Classes of persons ত অন্তৰ্ভুক্ত কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।

★ নিবনুৱা যুৱক-যুৱতীসকলৰ সুবিধাৰ্থে সকলোৱে এতিয়াৰে পৰা নিয়োগ বিনিময় কেন্দ্ৰ (Employment Exchange)ত নোযোৱাকৈ অনলাইন যোগে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব পাৰিব ।

★ আসন্ন বিধানসভা অধিবেশনত শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ বিধি উপস্থাপন কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।

★ এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ হিচাপে পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগ (Department of Pension and Public Grievances) আৰু প্ৰশাসনিক সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগ (Department of Administrative Reforms and Training)ক একেলগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

★ এতিয়াৰে পৰা ষষ্ঠ অনুসূচীৰ অঞ্চলবোৰৰ বাহিৰে, জলসিঞ্চন বিভাগৰ চিভিল, ইলেক্ট্রিকেল আৰু মেকানিকেল বিভাগক একেলগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ডিভিজনসমূহ সমষ্টিকেন্দ্ৰিক হ’ব। ইয়াৰ দ্বাৰা প্ৰজেক্টসমূহ সোনকালে সম্পূৰ্ণ কৰি কৃষকসকলক উপকৃত কৰিব পৰা যাব ।

★ অসম গো-সুৰক্ষা আইন অতিশীঘ্ৰে প্ৰণয়নৰ বাবে বিধেয়কখন বিধানসভাত উপস্থাপনৰ সিদ্ধান্ত কালিৰ কেবিনেট বৈঠকত লোৱা হয় ।

★ ৰাজ্যৰ সীমামূৰীয়া অঞ্চলসমূহত অন্য ৰাজ্যৰ দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা অপ্ৰীতিকৰ ঘটনাৰ পাছত দুষ্কৃতিকাৰীয়ে অসমৰ বিষয়া-কৰ্মচাৰীসকলৰ বিৰুদ্ধে নিজৰ ৰাজ্যত মোকর্দমা কৰিলে অসমৰ বিষয়া কৰ্মচাৰীসকলৰ ন্যায়ালয় সংক্ৰান্তীয় সমূহ খৰচ অসম চৰকাৰে বহন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

Exit mobile version