১২ জুলাইত প্ৰতিবেদন দাখিল নকৰা বিদ্যালয়ৰ ফলাফল ঘোষণা নহয়

অনলাইন প'ৰ্টেলত যোগান দিছে নম্বৰ

Assam school

ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে বাতিল হোৱা চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে শিক্ষাৰ্থীসকলৰ নম্বৰ মূল্যায়ন প্ৰক্ৰিয়া অব্যাহত আছে । চৰকাৰে ইতিমধ্যে ঘোষণা কৰা অনুসৰি ৩১ জুলাইৰ পূৰ্বে ফলাফল ঘোষণাৰ লক্ষ্যৰে ছেবাই কাম আগবঢ়াই নিছে । উল্লেখ্য যে বাতিল হোৱা এই পৰীক্ষাৰ ফলাফল ঘোষণাৰ পদ্ধতি মূল্যায়ন কৰিবলৈ শিক্ষা বিভাগে যোৱা ১৮ জুনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° অলক কুমাৰ বুঢ়াগোহাঁইৰ অধ্যক্ষতাত এখন নজনীয়া সমিতি গঠন কৰি দিছিল ।

এই সমিতিখনে সকলো দিশ অধ্যয়ন কৰি ফলাফল মূল্যায়নৰ পদ্ধতিৰ প্ৰতিবেদন বিভাগৰ হাতত দাখিল কৰিছিল । এই প্ৰতিবেদনৰ ভিত্তিতে শিক্ষা বিভাগে পহিলা জুলাইত ফলাফল ঘোষণাৰ পদ্ধতি ৰাজহুৱা কৰিছিল আৰু সেই অনুসৰি মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষাৰ নিয়মীয়া পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত নৱম-দশম শ্ৰেণীৰ পৰীক্ষাৰ ৪০:৪০:২০ নম্বৰ, দশম শ্ৰেণীত পৰীক্ষা অনুষ্ঠিত নোহোৱা বিদ্যালয়সমূহৰ ক্ষেত্ৰত ৭০:৩০ নম্বৰলৈ, ফলাফল ঘোষণাৰ কথা ঘোষণা কৰিছিল । সম্প্ৰতি এই পদ্ধতিৰ আধাৰতে ছেবাই সকলো দিশ নিৰীক্ষণ কৰি তৎপৰতা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে প্ৰথম অৱস্থাত সংশ্লিষ্ট বিদ্যালয়ৰ তথ্য মূল্যায়ন সমিতিয়ে পৰীক্ষাৰ্থীৰ নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা আৰু দশম শ্ৰেণীত অংশ লোৱা অন্যান্য নম্বৰসমূহ ছেবাৰ ৱেবছাইটত গৈ অন্তৰ্ভুক্ত কৰিব লাগিব । এই সন্দৰ্ভত ছেবাই এক বিশেষ প’ৰ্টেল যোৱা চাৰি জুলাইৰ পৰা মুকলি কৰিছে আৰু এই নম্বৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া ১২ জুলাইত অন্ত পৰিব । অনলাইনত সকলো তথ্য অন্তৰ্ভুক্ত কৰাৰ পাছত সংশ্লিষ্ট বিদ্যালয়ৰ তথ্য মূল্যায়ন সমিতিখনে তেওঁলোকৰ চূড়ান্ত প্ৰতিবেদন ১২ জুলাইত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিক দাখিল কৰিবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে ছেবা কৰ্তৃপক্ষই । এই প্ৰতিবেদন পুংখানুপুংখভাৱে জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে তিনিটা দিন পৰীক্ষা কৰি তেওঁলোকে পুনৰ চূড়ান্ত প্ৰতিবেদন ১৫ জুলাইত ছেবাৰ কাৰ্যালয়ত দাখিল কৰিব ।

উল্লেখ্য যে যদি কোনো বিদ্যালয়ৰ তথ্য মূল্যায়ন সমিতিয়ে নিৰ্দিষ্ট সময়ত প্ৰতিবেদন দাখিল নকৰে তেন্তে সেই সংশ্লিষ্ট বিদ্যালয়ৰ ফলাফল ঘোষণা কৰা নহ’ব বুলি ছেবা কৰ্তৃপক্ষই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । সমান্তৰালভাৱে প্ৰতিবেদনৰ প্ৰতিটো পৃষ্ঠাত নম্বৰ মূল্যায়ন কৰা সমিতিৰ সদস্যসকলে নাম আৰু স্বাক্ষৰ কৰা বাধ্যতামূলক বুলি ছেবা কৰ্তৃপক্ষই এক নিৰ্দেশনাৰ জৰিয়তে প্ৰকাশ কৰিছে ।

ইফালে, নিৰ্দেশনাটোত বিদ্যালয়ৰ তথ্য মূল্যায়ন সমিতিয়ে দাখিল কৰা সংশ্লিষ্ট পৰীক্ষাৰ্থীৰ নম্বৰ মূল নম্বৰ তালিকাৰ স’তে মিল আছে নে নাই আৰু মূল্যায়ন পদ্ধতি অনুসৰি নম্বৰ লাভ কৰিছে নে নাই জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে পৰীক্ষা কৰিব লাগিব বুলি উল্লেখ কৰিছে । এই সমিতিয়ে সংশ্লিষ্ট বিদ্যালয়ে চূড়ান্ত প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰা বিগত তিনি বছৰৰ ফলাফলৰ সত্যতাও পৰীক্ষা কৰিব ।

ছেবাৰ কাৰ্যালয়ত দাখিল কৰিবলগীয়া চূড়ান্ত প্ৰতিবেদনত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি, বিদ্যালয়ৰ তথ্য মূল্যায়ন সমিতিয়ে স্বাক্ষৰ কৰিব লাগিব বুলি নিৰ্দেশনাত উল্লেখ কৰিছে কৰ্তৃপক্ষই । এই সকলো পৰীক্ষা ১৫ জুলাইৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ পাছতে জুলাইৰ শেষ সপ্তাহত ফলাফল ঘোষণা কৰা হ’ব বুলি ছেবা কৰ্তৃপক্ষই সদৰী কৰিছে ।

Exit mobile version