পানীৰ তলত আছে এখন চহৰ

বিশ্বৰ গভীৰতম ছুইমিং পুলত ‘ডীপ ডাইভ’ৰ বাবে কিমান ধন ব্যয় কৰিব লাগিব ?

Designed for everyone from beginners and professionals Deep Dive Dubai offers a variety of freediving and scuba diving experiences and courses 17a80e3b7b4 original ratio

‘ডীপ ডাইভিং’ অর্থাৎ গভীৰ ছুইমিং পুলত ডুব মৰাৰ চখ আপােনাৰ আছে নেকি ? দুঃসাহসিক জলক্রীড়াৰ প্ৰতি আপুনি অনুৰাগী নেকি ? তেন্তে আপােনাৰ বাবে এক ৰােমাঞ্চকৰ অভিজ্ঞতাই অপেক্ষা কৰিছে সুদূৰ ডুবাইত।

জলক্রীড়া যদি আপােনাৰ প্রিয় তেন্তে ডুবাইত থকাৰ এই ছুইমিং পুলটোৱে আপােনাৰ সেই চখ পূৰণ কৰিব পাৰিব। অৱশ্যে ইয়াৰ বাবে আপুনি এক চর্ত পূৰণ কৰিব লাগিব। এই ছুইমিং পুলত সাঁতুৰিবলৈ হ’লে অৱশ্যেই আপােনাৰ পকেটত থাকিব লাগিব পার্চভর্তি ধন।

অলপতে ডুবাইত মুকলি কৰা হ’ল বিশ্বৰ সবাতােকৈ গভীৰ ছুইমিং পুলৰ। যােৱা সাত জুলাইত এই ছুইমিং পুলটো আনুষ্ঠানিকভাৱে মুকলি কৰি ডুবাইৰ ৰাজকুমাৰ শ্বেখ হামদান বিন মহম্মদ বীন ৰছিদ এল মাকটুমে।

টুইটাৰত এই ছুইমিং পুলৰ এক ভিডিঅ’ প্রচাৰ কৰি ৰাজকুমাৰে এইদৰে লিখিলে, ‘সমগ্র বিশ্বক স্বাগতম জনাবলৈ ডীপ ডাইভ ডুবায়ে অপেক্ষা কৰি আছে।’ ডুবাইত তৈয়াৰ কৰা এই গভীৰ ছুইমিং পুলটোৰ গভীৰতা হৈছে ১৯৬ ফুট অর্থাৎ ৬০ মিটাৰ।

ডুবাইৰ নাড অল ছেবা অঞ্চলত নির্মাণ কৰা হ’ল এই বৃহৎ আকাৰৰ অতি গভীৰ ছুইমিং পুলটো। কিন্তু আন ছুইমিং পুলৰ তুলনাত এই ছুইমিং পুলৰ ডীপ ডাইভ সম্পূর্ণ পৃথক। ডুবাইস্থিত ছুইমিং পুলটোত আছে এক কোটি ৪০ লাখ লিটাৰ পানী।

একেদৰে ওপৰৰ পৰা গভীৰ তললৈকে সম্পূর্ণ স্বচ্ছ পানী। এই ছুইমিং পুলৰ গভীৰত অর্থাৎ তলত আছে এখন চহৰ। এই চহৰৰ ওপৰতে তৈয়াৰ কৰা হৈছে ছুইমিং পুলটো। ডীপ ডাইভৰ আনন্দ ল’ব বিচৰা ব্যক্তিয়ে ছুইমিং পুলৰ পানীত সাঁতুৰি-নাদুৰি গভীৰ তললৈ গৈ এটা ঘৰৰ পৰা আন এটা ঘৰলৈ যাব পাৰিব।

ছুইমিং পুলৰ তলত আছে আধুনিক সকলাে ধৰণৰ ব্যৱস্থা। এই পুলৰ পানীৰ তলতে আছে অত্যাধুনিক বিলিয়ার্ড খেলাৰ স্থান, পুথিভঁৰাল,বিলাসী ৰেস্তোৰাঁ, আলােচনাকক্ষসহ সকলাে ধৰণৰ আধুনিক প্রয়ােজনীয় সা-সুবিধা।

ছুইমিং পুলৰ ভিতৰত সংস্থাপন কৰা হৈছে মুঠ ৫৬টা কেমেৰা। যিকোনাে এংগলৰ পৰা ছুইমিং পুলৰ তলৰ সকলাে দৃশ্য এই কেমেৰাবােৰত আৱদ্ধ হ’ব। তদুপৰি ছুইমিং পুলত আছে ‘লাইট এণ্ড ছাউণ্ড ছিষ্টেম’।

ডীপ ডাইভৰ আয়ােজকে জনােৱা অনুসৰি, ছুইমিং পুলৰ পানী পৰিষ্কাৰ আৰু স্বচ্ছ কৰি ৰখাৰ প্রতি বিশেষ গুৰুত্ব দিয়া হয় আৰু প্ৰতি ছঘণ্টাৰ বিৰতিত ছিলিছিয়াছ আগ্নেয় শিলৰ জৰিয়তে ছুইমিং পুলৰ পানী ফিল্টাৰ কৰাৰ ব্যৱস্থা আছে।

উল্লেখ্য যে মার্কিন মহাকাশ গৱেষণা প্রতিষ্ঠান নাছাই এই প্রযুক্তি উদ্ভাৱন কৰিছিল। চলিত মাহৰ অন্তিম ভাগৰ পৰা পৰ্যটকৰ বাবে ছুইমিং পুলটো মুকলি কৰি দিয়া হ’ব। ১০ বছৰ বা ততােধিক বয়সৰ লােকসকলে এই ছুইমিং পুলত ডীপ ডাইভৰ লগতে সাঁতােৰাৰ ৰােমাঞ্চকৰ অভিজ্ঞতা আহৰণ কৰিব পাৰিব।

আন্তর্জাতিক মানৰ ডাইভিং বিশেষজ্ঞৰ এটি দলে ডীপ ডাইভিঙৰ বাবে আগ্রহী লােকসকলক প্রয়ােজনীয় সকলাে সাহায্য আগবঢ়াব। বছৰৰ অন্তিম ভাগত ছুইমিং পুলৰ তলত থকা ৰেস্তোৰাঁ আৰু অন্যান্য বিপণীসমূহাে মুকলি কৰা হ’ব। এতিয়া কথা হ’ল এই অত্যাধুনিক সুগভীৰ ছুইমিং পুলত জলক্রীড়াৰ আনন্দ ল’বলৈ এজন ব্যক্তিয়ে কিমান ধন ব্যয় কৰিব লাগিব ?

এতিয়ালৈকে ব্যয়ৰ সন্দৰ্ভত ছুইমিং পুলৰ নির্মাতাই স্পষ্টভাৱে কোনাে তথ্য প্রকাশ কৰা নাই যদিও আন্তর্জাতিক সংবাদ মাধ্যমত উল্লেখ কৰা অনুসৰি এবাৰ এই ছুইমিং পুলত ডুব মাৰিবলৈ হ’লে কমেও ভাৰতীয় মুদ্রাত এজন ব্যক্তিয়ে ব্যয় কৰিব লাগিব ১৭ হেজাৰ টকা।

অৱশ্যে অন্যান্য সা- সুবিধাসমূহ উপভােগ কৰিব বিচাৰিলে অধিক পৰিমাণৰ ধন ব্যয় কৰিব লাগিব।

Exit mobile version