গোসাঁইগাঁৱৰ মহকুমাধিপতিৰ গৈঙীয়া নৈৰ গৰাখহনীয়াৰ কৱলত পৰা বামূনীগাঁও অঞ্চল পৰিদৰ্শন

WhatsApp Image 2021 07 10 at 5.58.46 PM

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত পূৱ বামূনীগাঁও আৰু বামূনীগাঁও অঞ্চলৰ গৈঙীয়া নৈৰ গৰাখহনীয়াই আঁৱৰি ধৰা পৰিলক্ষিত হৈছে । নৈখনৰ গৰাখহনীয়াই কেইবা বছৰ ধৰি বামূনীগাঁও অঞ্চলৰ প্ৰায় এহেজাৰ বিঘা খেতি মাটি আৰু বহুতো পৰিয়ালৰ ঘৰ বাৰি ভেটি মাটি নৈৰ বুকুত জাহ গৈছে । বহুতো পৰিয়ালে নৈখনৰ গৰাখহনীয়াত সৰ্বশান্ত হৈ বামূনীগাঁও এৰি বেলেগ ঠাইত আশ্ৰয় ল’ব লগা হৈছে ।

এইখন গাঁও কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বৃহত্তৰ গাঁও আছিল যদিও কেইবা বছৰ ধৰি গৈঙীয়া নৈৰ গৰাখহনীয়াত উছন হৈ পৰিছে । বৰ্তমান প্ৰায় ৭০-৮০ টা পৰিয়ালৰ গৈঙীয়া নৈৰ গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে । নৈখনৰ এনে দৃশ্য দেখি স্থানীয় সমাজ সেৱক মাইনুদ্দিন মণ্ডলে গোসাঁইগাঁও মহকুমাধিপতি পল্লবী সৰকাৰক অৱগত কৰাত মহকুমাধিপতি সৰকাৰে নিজে যোৱা বৃহস্পতিবাৰে গৈঙীয়া নৈৰ গৰাখহনীয়া বামূনীগাঁও অঞ্চল পৰিদৰ্শন কৰে আৰু গৰাখহনীয়াৰ ক্ষয় ক্ষতিৰ বুজ লয় ।

অনতিপলমে নৈখনৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰ্য্যক্ৰমত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে মহকুমাধিপতিগৰাকীয়ে । মহকুমাধিপতি সৰকাৰৰ নিৰ্দেশমৰ্মে কালি ভাওঁৰাগুৰী ৰাজহচক্রৰ ক্ষেত্র বিষয়া অৰূপ ভট্টাচাৰ্য, কোকৰাঝাৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যকৰী অভিযন্তা আদিয়ে বামূনীগাঁও গৰাখহনীয়া অঞ্চল পৰ্য্যবেক্ষণ কৰে আৰু ইয়াৰ ৰিপ’ৰ্ট উৰ্দ্ধতম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব বুলি ৰাইজক আস্থা প্ৰদান কৰে আৰু গোসাঁইগাঁও উন্নয়ন খণ্ডৰ তৰফৰ পৰা অচিৰেই গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ।

Exit mobile version