শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত গাঞ্জাসহ ট্ৰাক জব্দ

WhatsApp Image 2021 07 10 at 5.58.47 PM 1

গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শিমুলটাপু আৰক্ষীয়ে অভিযান চলাই গাঞ্জাসহ NL-07AA- 0430 নম্বৰৰ এখন ট্ৰাক জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিবলৈ সক্ষম হয়।

তথ্য অনুসৰি, শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প’ল লালহেমছেঙৰ নেতৃত্বত আৰক্ষীৰ এটি দলে ৰাষ্ট্ৰীয় ঘাইপথত নিয়মিত তালাচী চলাওতে অসমৰ কাৰ্বি আলং শুকানঝাৰৰ পৰা বিহাৰ অভিমূখে লৈ যোৱাৰ সময়ত ১০ চকীয়া ট্ৰাক এখন তালাচী কৰি গাঞ্জাসহ ট্ৰাকখন আটক কৰি শিমূলটাপু আৰক্ষী চকীলৈ নিয়ে ৷

উল্লেখযোগ্য যে জব্দকৃত গাঞ্জাৰ পেকেট ৮০ টা,ওজন ৮৪৯ কেজি মূল্য প্ৰায় ৫০ লক্ষাধিকৰ ওপৰত হ’ব বুলি অনুমান কৰা হৈছে। ধৃত লোক দুগৰাকী কাৰ্বি আলং লাহাৰীজানৰ ৰেহেমেতুল্লা খান(৫১),ৰমেছ কুমাৰ (৩০)ৰাজস্থানৰ চুৰুৰ নিবাসী ।

Exit mobile version