ভাৰতীয় সমাজ ক্রমান্বয়ে সমজাতিক হৈছে : ন্যায়াধীশ
দেশত সুদীর্ঘকাল ধৰি বিতৰ্কৰ বিষয় হৈ অহা উমৈহতীয়া দেৱানী বিধি(ইউনিফর্ম চিভিল কড) কার্যকৰী কৰাৰ পক্ষত ৰায় দিলে দিল্লী উচ্চ ন্যায়ালয়ে।শুকুৰবাৰে এই ৰায়দান কৰি দিল্লী উচ্চ ন্যায়ালয়ে কয় যে বিবাহ আৰু বিচ্ছেদ সম্পৰ্কীয় বিভিন্ন পাছনেল লত থকা সংঘাতৰ ফলত সৃষ্ট বিষয়ৰ স’তে ভাৰতীয় তৰুণ সকলক যুঁজিবলৈ বাধ্য কৰােৱাৰ প্রয়ােজন নাই।
ৰাজস্থানৰ অনুসূচিত জনজাতি মীনা সম্প্রদায়ৰ মাজত হিন্দু বিবাহ আইন, ১৯৫৫ৰ প্ৰাসংগিতা সম্পৰ্কীয় এই গােচৰৰ ৰায়দানত ন্যায়াধীশ প্রতিভা এন সিঙে কয়, ‘আধুনিক ভাৰতীয় সমাজ ক্রমান্বয়ে সমজাতিক হ’বলৈ ধৰিছে। ধর্ম, সম্প্রদায় আৰু জাতিৰ মাজত থকা পৰম্পৰাগত অন্তৰায়সমূহ লাহে লাহে লােপ পাইছে।
এই বিষয়টোক বিবেচনা কৰি বর্তমান পৰিস্থিতিত উমৈহতীয়া দেৱানী বিধি প্রয়ােগৰ প্ৰয়ােজন আছে। ‘যােৱা সাত জুলাইৰ এক নির্দেশত ন্যায়াধীশ সিঙে কয় যে।সেয়েহে উমৈহতীয়া দেৱানী বিধি কেৱল মাত্র আশা হৈ নাথাকে।
এই উমৈহতীয়া আইনৰ অৰ্থ হৈছে ভাৰতৰ সকলাে নাগৰিকৰ বাবে সমআইন। বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, সম্পত্তি অধিকাৰৰ দৰে বিষয়সমূহত প্ৰতিটো ধর্মীয় সম্প্রদায়ৰ মাজত অব্যাহত থকা ৰীতি-নীতি আঁতৰাই সমগ্ৰ দেশতে এটি মাত্র ব্যৱস্থা হৈছে এই উমৈহতীয়া বিধি।
উমৈহতীয়া দেৱানী বিধিৰ প্ৰয়ােজনীয়তাৰ ক্ষেত্ৰত ১৯৮৫ৰ ঐতিহাসিক শ্বাহ বানু গােচৰকে ধৰি উচ্চতম ন্যায়ালয়ৰ কে’বাটাও সিদ্ধান্তৰ প্ৰসংগত টানি আনি দিল্লী উচ্চ ন্যায়ালয়ে কয় যে ৰাষ্ট্ৰই ইয়াৰ নাগৰিকৰ বাবে উমৈহতীয়া দেৱানী বিধি নিশ্চিত কৰিব বুলি ভাৰতীয় সংবিধানৰ দফা ৪৪ত ব্যক্ত কৰা আশা কেৱল মাত্র আশা হৈ থকাটো উচিত নহয়।
শ্বাহ বানু গােচৰত উচ্চতম ন্যায়ালয়ে কৈছিল যে উমৈহতীয়া দেৱানী বিধিয়ে ৰাষ্ট্ৰীয় সংহতিৰ বিষয়ত সহায় কৰিব। উচ্চতম ন্যায়ালয়ে এই কথাও কয় যে দেশৰ নাগৰিকৰ বাবে উমৈহতীয়া দেৱানী বিধি নিশ্চিত কৰাৰ দায়িত্ব ৰাষ্ট্রৰ।
এই শেহতীয়া ৰায়দানত দিল্লী উচ্চ ন্যায়ালয়ে কয় যে উচ্চতম ন্যায়ালয়ে সময়ে সময়ে উমৈহতীয়া দেৱানী বিধি প্রয়ােগৰ কথা দোহাৰি আহিছে। অৱশ্যে এই ক্ষেত্ৰত এই পর্যন্ত কি পদক্ষেপ গ্রহণ কৰা হ’ল সেয়া অস্পষ্ট। নির্দেৰ্শৰ এটা প্রতিলিপি উপযুক্ত কার্য ব্যৱস্থা গ্ৰহণৰ বাবে ভাৰত চৰকাৰৰ আইন আৰু ন্যায় মন্ত্রণালয়ৰ সচিবলৈ
প্ৰেৰণৰ নির্দেশ দিয়ে ন্যায়ালয়ে। উল্লেখ্য যে ৰাজস্থানৰ আদিবাসী মীনা সম্প্রদায়ৰ গােচৰ মর্মে স্বামীয়ে বিচ্ছেদ বিচাৰিছিল যদিও পত্নীগৰাকীয়ে যুক্তি দশায় যে তেওঁলােকৰ ক্ষেত্ৰত হিন্দু বিবাহ আইন প্রযােজ্য নহয়; কিয়নাে তেওঁলােক ৰাজস্থানৰ অনুসূচিত জনজাতি।
আদালতে পত্নীৰ স্থিতিত নস্যাৎ কৰি কয় যে এই গােচৰটোৰ দৰে অন্যান্য গােচৰসমূহৰ ক্ষেত্ৰত সকলােৰে বাবে প্রযােজ্য বিধিৰ প্রয়ােজনীয়তা আছে। বিবাহ, বিচ্ছেদ, উত্তৰাধিকাৰ আদিৰ ক্ষেত্ৰত এই উমৈহতীয়া বিধি প্রযােজ্য হ’ব।