আপোনাৰো অকালতে চুলি পকিছে নেকি ? মিঠাতেলে কৰিব ইয়াৰ সমাধান

navbharat times 1

আজি কালি বহুতৰে কম বয়সতে চুলি পকা সমস্যা দেখা দিয়ে । কিছু ক্ষেত্রত, চুলি অকালতে পকে ভিটামিন বি-১২ৰ অভাৱত। বয়সত চুলি পকাটো স্বাভাৱিক, কিন্তু বর্তমান নির্দিষ্ট বয়সৰ আগতেই পকা চুলিৰ সমস্যা বাঢ়িছে মানুহৰ মাজত৷ যাৰ অন্যতম কাৰণ আমাৰ জীৱন-যাপন।

চুলি সৰাৰ কাৰণ

★ অতিৰিক্ত চাপ

★ টোপনি কম হোৱা

★ পুষ্টিৰ অভাৱ

★ ব্যায়ামৰ অভাৱ

★ ধূমপান কৰা

★ নিয়মিত মদ্যপান

চুলিৰ স্বাস্থ্যত মিঠাতেলৰ ভূমিকা কি ?

মিঠাতেল প্ৰায় প্রতিটো ভাৰতীয় পৰিয়ালৰ পাকঘৰতেই অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে পৰিচিত । অকালতে চুলি পকা বন্ধ কৰিবলৈও সকলোতকৈ কার্যকৰী প্রতিকাৰ হ’ল সৰিয়হৰ তেল !

★ সৰিয়হৰ তেল আমাৰ স্থানীয় দেশীয় উপাদান। কাঠৰ ঘানিৰ সৰিয়হৰ তেলৰ অনুসন্ধান কৰক। ৰুক্ষ আৰু শুকান চুলিৰ বাবে এইটো অতি ভাল প্রতিকাৰ।

★ সৰিয়হৰ তেল উপকাৰী এণ্টিঅক্সিডেণ্ট সমৃদ্ধ। ইয়াত ছেলেনিয়াম আছে যিয়ে চুলিৰ গুৰি আৰু চুলিৰ স্বাস্থ্য বৰ্তাই ৰখাৰ ক্ষেত্রত এক ডাঙৰ ভূমিকা পালন কৰে।

★ সৰিয়হৰ তেল প্রাকৃতিক ফেটি এচিড সমৃদ্ধ, যিটো চুলিৰ ফলিকল আৰু চুলিৰ গুৰিৰ বাবে অপৰিহার্য।

★ সৰিয়হৰ তেল এণ্টি ফাঙ্গাল আৰু এণ্টি বেক্টেৰিয়েল যিয়ে অকালতে চুলি পকাটো ৰোধ কৰে আৰু আপোনাৰ চুলিৰ গুৰিৰ স্বাস্থ্য বজায় ৰাখে। সৰিয়হৰ তেল চুলিৰ গুৰৰ স্বাস্থ্য আৰু চুলিৰ বৃদ্ধিৰ বাবে উপকাৰী ৷

 

চুলিত কেনেদৰে ব্যৱহাৰ কৰিব সৰিয়হৰ তেল ?

★তিনি চামুচ সৰিয়হৰ তেলত আৰু নাৰিকল তেল ,এক চামুচ ভাজা মেথিগুটি আৰু এক চামুচ গুড়ি মহানিমৰ পাত সংযোগ কৰক। এই মিশ্রণ প্রায় এক সপ্তাহৰ বাবে ৰাখি তাৰ পাছত চুলি আৰু চুলিৰ গুৰিত এই তেল মাছাজ কৰক।

★ এক মিনিট সৰিয়হৰ তেল গৰম কৰি লাহে লাহে আপোনাৰ চুলিৰ গুৰি আৰু চুলিত মাছাজ কৰিব পাৰে।

★ এই তেলেৰে এদিন এৰি এদিন প্রায় ১০ দিন মাছাজ কৰিলে বহু পার্থক্য পাব। আপোনাৰ পছন্দ অনুযায়ী সপ্তাহত দুবাৰ বা তিনিবাৰ এই তেলেৰে চুলি মাছাজ কৰিব পাৰে।

★ মূৰ ধোৱাৰ আগতে এক ঘণ্টা বা দুই ঘণ্টা মিঠাতেল মূৰত সানি ৰখাৰ চেষ্টা কৰক। গোটেই ৰাতিও মূৰত তেল লগাই ৰাখিব পাৰে।

Exit mobile version