জনীয়াত অসম সম্প্ৰীতি মঞ্চৰ বিশ্ব জনসংখ্যা দিৱস পালন

WhatsApp Image 2021 07 11 at 7.24.32 PM

সমগ্ৰ বিশ্বৰ লগতে আজি অসম সম্প্ৰীতি মঞ্চৰ উদ্যোগত জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদত বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। অসম সম্প্ৰীতি মঞ্চৰ সভাপতি হজৰত আলী আহমেদে আত ধৰা বিশ্ব জনসংখ্যা দিৱসত জন্ম নিয়ন্ত্ৰণ, গৰ্ভৱতী মহিলা, শিশুৰ যতন আৰু বাল্য বিবাহ প্ৰতিৰোধ সন্দৰ্ভত বিষদ ভাৱে আলোকপাত কৰা হয়।

উক্ত সভাত অসম সম্প্ৰীতি মঞ্চৰ উপদেষ্টা মইনুল হক, কাৰ্যকৰী সভাপতি আব্দুল মালিক, উপ-সভাপতি মইনুল হক চৌধুৰী, মুখ্য সম্পাদক ডাঃ আব্দুল কদ্দুচ শিকদাৰ, প্ৰচাৰ সম্পাদক আবুল হুছেইন, সম্পাদক তমিজ উদ্দিন আহমেদ, হাফিজুৰ ৰহমানকে ধৰি উপস্থিত থকা সকলোৱে বিশ্ব জনসংখ্যা দিৱসৰ তাৎপয্যৰ ওপৰত বক্তব্য আগবঢ়ায়। সভাত বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি সম্প্ৰতি অসমত জনসংখ্যা বৃদ্ধিৰ ওপৰত কোনোবাই আলোকপাত কৰিলে কেৱল ধৰ্মীয় সংখ্যালঘু সকলক অধিক সন্তান জন্ম দিয়াৰ অপবাদ দিয়াটো ঠিক নহয় বুলি মন্তব্য কৰে।

তাৰ যুক্তি আগবঢ়াই বক্তা সকলে কয় যে, এটা সময়ত সৰ্ব জাতিৰ লোকেই একধিক সন্তান জন্ম দিছিল। বৰ্তমান সকলোৱে জন্ম নিয়ন্ত্ৰণ কৰিব ধৰিছে। তাৰ সমন্তৰালকৈ সম্প্ৰতি ধৰ্মীয় সংখ্যালঘু সকলেও জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ঠ সজাগ হোৱা পৰিলক্ষিত হৈছে বুলিও মন্তব্য কৰা দেখা যায়। ধৰ্মীয় সংখ্যালঘু এলেকাত শিক্ষা, স্বাস্থ্য, যাতায়ত আৰু নিবনুৱা সমস্যাৰ ওপৰত গুৰুত্ব দিবলৈ অসম সম্প্ৰীতি মঞ্চই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনায়। কেৱল নেতিবাচক সমালোচনাৰ বিপৰীতে সকলোৰে মাজত সাতাম পুৰুষীয়া সম্প্ৰতিৰ এনাজৰি ডাল অধিক মজবুত কৰাৰ ক্ষেত্ৰত সকলো সমস্যা সমাধানৰ কাৰণে সকলোৱে মিলাপ্ৰীতিৰে পদক্ষেপ গ্ৰহণৰ বাবে মঞ্চই সকলো পক্ষকে আহ্বান জনায়।

Exit mobile version