ধুবুৰীত বিশ্ব জনসংখ্যা দিৱস পালন

pjimage 65 1594444094

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে আজি ধুবৰী জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ সভাকক্ষত এক অনুষ্ঠানৰ আয়োজন কৰা হয়৷ বিশ্ব জনসংখ্যা দিৱসৰ এই কাৰ্যসূচীত সভাপতিত্ব কৰি ধুবৰী জিলাৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰীয়ে জনসংখ্যা দিৱসৰ তাৎপৰ্য বাখ্যা কৰে।

তেওঁ জনসংখ্যা বিস্ফোৰণৰ ফলত সমগ্ৰ বিশ্ব কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে সেই সন্দৰ্ভত আলোকপাত কৰে৷ অনুষ্ঠানত উপস্থিত থাকি ধুবৰী জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে জনবিষ্ফোৰণ ৰোধ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে বহলাই আলোচনা কৰে।

বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ অসমৰ লগতে ধুবৰী জিলাত অহা ২৪ জুলাইলৈকে জনসংখ্যা ৰোধৰ কাৰণে পৰিয়াল পৰিকল্পনাৰ বিভিন্ন পদ্ধতিৰ বিষয়ে জনসজাগতা সৃষ্টিৰ লগতে পৰিয়াল পৰিকল্পনাৰ বিভিন্ন পদ্ধতি যাতে মানুহে গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে বিভিন্ন চিকিৎসালয়ত বিশেষ শিবিৰৰ আয়োজন কৰিছে ৷জনসাধাৰণক পৰিয়াল পৰিকল্পনাৰ পদ্ধতিবোৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ধুবৰীৰ স্বাস্থ্য বিভাগে ৷

Exit mobile version