শনিবাৰৰ নিশা ধুবুৰী, গৌৰীপুৰ আৰক্ষী আৰু গৌৰীপুৰ ৪৮ চি আৰ পি এফৰ কুইক একচন টিমে যৌথ ভাবে অভিযান চলাই ঝগৰাৰপাৰ চতুৰ্থ খণ্ড গাৱৰ বাসিন্দা ৰফিকুল ইছলাম নামৰ যুৱক জনৰ ঘৰত চলাইছিল অভিযান।
ADVERTISEMENT
আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছৰ লগতে নগদ দুই লাখ ২০ হেজাৰ টকা উদ্ধাৰ হয়। আৰক্ষীয়ে লগতে ড্ৰাগছ মাফিয়া ৰফিকুলক আটক কৰে ।
যুৱকজনৰ ঘৰৰ পৰা আৰক্ষীয়ে ৫০ পেকেট য়ুৱা টেবলেট, ২০০ টা কন্টেইনাৰ ভৰ্তি ব্ৰাউন ছুগাৰ, টেবলেট দুটা কফ ছিৰাফৰ লগতে নগদ দুই লাখ ২০ হেজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়।
ড্ৰাগছ মাফিয়া ৰফিকুললে দীৰ্ঘদিন ধৰি ধুবুৰীৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল। সম্প্রতি যুৱকজনক আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে ।