মানাহত দিক্ষু ফাউণ্ডেচনৰ মাস্ক ছেনিটাইজাৰ বিতৰণ

অকল চৰকাৰৰ ওচৰত হাত পাতি বহি থাকিলেই নহ’ব : দিক্ষু

WhatsApp Image 2021 07 11 at 6.23.06 PM

মানাহৰ কাষৰীয়া অঞ্চলত খোলা হ’ব বিনামূলীয়া স্বাস্থ্য শিবিৰ : দিক্ষু

 

দেশৰ লগতে ৰাজ্যতো ক’ভিড-১৯ ৰ দ্ৰুত সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। এই কাল ক’ভিডে কাঢ়ি নিছে অজস্ৰ লোকৰ জীৱন। তাৰ প্ৰতি লক্ষ্য ৰাখি গণ সংক্ৰমণ ৰোধৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া তথা বাগসা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বাৰেঙাবাৰীত আজি দিক্ষু ফাউণ্ডেচনৰ উদ্যোগত এক মাস্ক ছেনিটাইজাৰ বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী দিক্ষু শৰ্মাৰ তৎপৰতাত তথা ফাউণ্ডেচনৰ অন্যতম সদস্য স্বপ্নালী গোস্বামীৰ সহযোগত গঢ় লৈ উঠা দিক্ষু ফাউণ্ডেচনে ইতিমধ্যে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ক’ভিডক প্ৰতিহত কৰিবলৈ উক্ত কাৰ্যসূচী ৰূপায়ন কৰি আহিছে।

আজিৰ কাৰ্যসূচীত কণ্ঠ শিল্পী দিক্ষু শৰ্মা উপস্থিত থাকি কয় যে, ক’ভিডক প্ৰতিহত কৰিবলৈ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে উক্ত মাস্ক, ছেনিটাইজাৰ বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰে আৰু সকলোকে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখি ক’ভিডক প্ৰতিহত কৰিবলৈ কয়।

লগতে দিক্ষু ফাউণ্ডেচনৰ তৰফৰ পৰা মানাহৰ কাষৰীয়া অঞ্চলত এটি বিনামূলীয়া স্বাস্থ্য শিবিৰ খোলাৰ পৰিকল্পনা কৰিছে, য’ত বিভিন্ন ৰোগৰ চিকিৎসা বিনামূলীয়াকৈ কৰিব৷

আনহাতে সাংবাদিকে শিল্পী সমাজৰ দুৰৱস্থাৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ভ্ৰাম্যমানকে ধৰি শিল্পী সমাজৰ বৰ্তমান এক শোচনীয় অৱস্থা হৈছে৷ কৰ’নাৰ বাবে মাৰ খাই গ’ল সকলো৷ তথাপি হাতে হাত ধৰি বহি নাথাকি সকলোৱে নিজৰ নিজৰ পেট পুৰাবলৈ কিবা নহয় কিবা এটা কৰিব লাগিব।

কামৰ কোনো সৰুবৰ নাই৷অকল চৰকাৰৰ ওচৰত হাত নাপাতি আমি নিজেও নিজক কেনেকৈ ৰক্ষণাবেক্ষণ দিব পাৰোঁ সেইয়া প্ৰতিজনে চিন্তা কৰা উচিত৷ এইফালে তেওঁৰ ১২ আগষ্টত নতুকৈ মুক্তি পাবলগীয়া “শাওনৰে শেতেলীতে” নামৰ শীর্ষ গীতটি গুণ গুণাই ৰাইজক আপ্লুত কৰাৰ লগতে আগন্তুক দুৰ্গা পূজাৰ সময়ত নতুনকৈ তিনি/চাৰিটা গান মুক্তি পাব বুলিও কয়৷

আজিৰ কাৰ্যসূচীত দিক্ষু শৰ্মাৰ লগতে ফাউণ্ডেচনটোৰ কৰ্মকৰ্তা নিতেশ ভট্টাচাৰ্য, স্বপ্নালী গোস্বামী, জুনজুন বৰা, অনুপম কাকতি, বিজেতা পাটগিৰী, ৰবিন ৰাজবংশী আদিও উপস্থিত থাকে।

Exit mobile version