ভাৰতীয়সকলৰ বাবে সঞ্চয়ৰ অন্যতম জনপ্রিয় পথটোৱেই হ’ল ফিক্সড ডিপজিট বা এফডি। দেশৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বেংকিং প্রতিষ্ঠানত ন্যূনতম সাত দিনৰ পৰা সর্বাধিক ১০ বছৰ পর্যন্ত ফিক্সড ডিপজিট কৰাৰ বিভিন্ন বিকল্প আছে।
ৰিটাৰ্ণৰ নিৰাপত্তা তথা নিশ্চিতি থাকে বাবেই এফডিত ঘাটিৰ আশংকা একেবাৰেই নাই বুলিব পাৰি। ম্যাদ আৰু নগদ ধনৰ পৰিমাণৰ নিৰিখত ফিক্সড ডিপ’জিটে গ্রাহকৰ বিনিয়ােগ পাের্টফলিওত স্থিতিশীলতাৰাে নিশ্চয়তা দিয়ে।
তাৰ উপৰি প্ৰৱল আর্থিক প্রতিকূলতাৰ সন্মুখীন হলে জমা কৰা ধন উলিওৱাৰ সুযােগাে দিয়া হয়। এইবােৰ কাৰণতে ক্রমাগতভাৱে সুতৰ হাৰ হ্রাস পােৱা সত্ত্বেও সঞ্চয়ৰ এক গুৰুত্বপূর্ণ অংশ ফিক্সড ডিপজিট কৰি ৰাখিবলৈ নাপাহৰে ভাৰতীয় মধ্যবিত্তই।
বিশেষকৈ মধ্যবিত্ত পৰিয়ালসমূহে ফিক্সড় ডিপজিট আঁচনিক বিশেষ কার্যকৰী বুলি ভাবে। পিছে বহু উপভােক্তাই সময়ে সময়ে সলনি হােৱা এফডি সম্পর্কীয় বেংকৰ নিয়মবােৰ নজনাৰ ফলত ক্ষতিৰ বােজা কঢ়িয়াব লগা হয়।
শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে এফডি সম্পর্কীয় এনে এক নতুন নীতি ঘােষণা কৰিছে, যাৰ বিষয়ে নাজানিলে আপােনাৰাে হ’ব পাৰে লােকচান। আৰবিআইৰ তৰফৰ পৰা এই ঘােষণা মতে, এতিয়াৰে পৰা ম্যাদ পূৰ হােৱাৰ পাছত তাৎক্ষণিকভাৱে এফডি একাউণ্টত জমা হােৱা সমস্ত ধন উলিয়াই নিব লাগিব গ্রাহকে।
অন্যথা বিপত্তিৰ সন্মুখীন হ’ব লগা হ’ব পাৰে। নতুন এই নিয়ম অনুযায়ী, ম্যাদ পূৰ হােৱাৰ পাছতাে যদি কোনাে গ্রাহকৰ ফিক্সড় ডিপজিট একাউণ্টৰ টকা বেংকতে পৰি থাকে তেন্তে জমাকাৰী গ্রাহকে বহন কৰিব লাগিব ক্ষতিৰ বােজা।
এফডি একাউণ্টটোৰ সময়সীমা পূৰ হােৱাৰ পাছতাে যদি কোনাে গ্রাহকে তাত জমা হােৱা ধনৰাশি উলিয়াই নিনিয়ে বা দাবী নকৰে তেন্তে সেই এফডিৰ জমা টকাৰ ওপৰত
কোনবােৰ বেংক এই নীতিৰ আওতাত পৰিব?
আৰবিআইৰ শেহতীয়া ঘােষণা অনুযায়ী, সকলাে ধৰণৰ বেংকৰ বাবে সমানে প্রযােজ্য হ’ব। এই নতুন নীতি। অর্থাৎ ৰাষ্ট্রায়ত্ব বেংকেই হওক বা ব্যক্তিগত খণ্ডৰ বেংকেই হওক, প্ৰভাৱ পৰিব উভয়তে।
সমান্তৰালভাৱে এই নিয়ম প্রযােজ্য হ’ব সমবায় (Co-Operative) বেংক, স্মল ফাইনেন্স বেংক আদিতাে। গতিকে আপােনৰ এফডি একাউন্টটো যি বেংকতেই নাথাকক কিয়, আজিয়েই এই নিয়ম সম্পর্কে বেংকৰ স’তে যােগাযােগ কৰি খৰচি মাৰি জানি লওক।
প্রসংগক্রমে উল্লেখ কৰিব পাৰি, সাধাৰণ জমা একাউণ্টৰ তুলনাত এফডি একাউণ্টৰ সুতৰ হাৰ বেছি। লগতে এনে একাউণ্টত বিনিয়ােগ নির্ধাৰিত সময়সীমা মানি কৰা হয় বাবে সাধাৰণ জমা একাউণ্টৰ দৰে যেতিয়াই তেতিয়াই একাউণ্টৰ পৰা ধন উলিয়াব নােৱাৰি।
এক নির্দিষ্ট সময় অপেক্ষা কৰাৰ পাছত এফডিৰ ম্যাদ পূৰ হ’লেহে এই ধন পাব পাৰি। উল্লেখ্য যে ফিক্সড় ডিপজিট যে কেৱল বেংকতেই কৰিব পাৰি তেনে নহয়। ডাকঘৰতাে আছে এফডি কৰাৰ সুবিধা। আপুনি যদি বিচাৰে, বেংকৰ টকা উলিয়ায়াে ডাকঘৰত এফডি একাউন্ট এটা খুলিব পাৰে। কিয়নাে বহু চৰকাৰী বেংকৰ তুলনাত বর্তমানে বেছি হাৰত সুত প্রদান কৰি আছে ডাকঘৰে।