উত্তৰপ্ৰদেশসহ তিনি ৰাজ্যত বজ্ৰপাতত মৃত্যু ৬৮, ফটো তুলি থাকোতে মৃত্যু ১১

2021 7largeimg 1063055205

উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত বজ্ৰপাত পৰি ৬৮ জনৰ মৃত্যু হয় আৰু ১৭ জন আহত । এই ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । জয়পুৰত ৱাচ্‌টাৱাৰত ফটো তুলি থাকোতে ১১ জনৰ মৃত্যু হয় ।

কেৱল উত্তৰপ্ৰদেশতে শুকুৰবাৰে বজ্ৰপাতত ৪১ জনৰ মৃত্যু হয় । ৰাজস্থানত ২০ জন । মধ্যপ্ৰদেশত সাতজন । প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়, ‘ৰাজস্থানৰ কিছুমান অঞ্চলত বজ্ৰপাতৰ ফলত কিছুসংখ্যক লোকৰ মৃত্যু হৈছে । এই ঘটনা অতি মৰ্মান্তিক । মৃতসকলৰ পৰিয়ালবৰ্গক সমবেদনা জনালো ।’

ৰাজস্থানত মৃত্যু হোৱা সকলৰ ভিতৰত ১১ জন জয়পুৰৰ, চাৰিজন কোটা, তিনিজন ঢোলপুৰ, এজন ঝালাৱাৰ আৰু এজন বাৰানৰ বাসিন্দা । জয়পুৰৰ অমেৰত ৱাচ্‌টাৱাৰত ৪০ মিনিটৰ ভিতৰত একেলেথাৰি দুবাৰ বজ্ৰপাত পৰি ১১ জনৰ মৃত্যু হৈছে । আহতসকলক জয়পুৰৰ ছাৱাই মান সিং চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

শোক প্ৰকাশৰ লগতে মৃতসকলৰ পৰিয়ালক পাঁচ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গহলৌটে । ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শচীন পাইলট আৰু বসুন্ধৰা ৰাজে সিন্ধিয়াও শোক প্ৰকাশ কৰে এই ঘটনাত ।

Exit mobile version