দালাই লামাৰ জন্মদিন উদযাপনত চীনৰ প্ৰতিবাদ লাডাখৰ দেমচুকত

china 0

ধৰ্মগুৰু দালাই লামাৰ জন্মদিন উদযাপনক লৈ পুনৰ উত্তেজনা লাডাখ সীমান্তত । যোৱা ছয় জুলাইত দেমচুক সিন্ধু নদীৰ পাৰত তিব্বতৰ ধৰ্মগুৰুৰ জন্মদিন উদযাপনৰ কৰিছিল ভাৰতীয়সকলে । তাৰ প্ৰতিবাদত চীনৰ কিছু সেনা আৰু নাগৰিক লাডাখত সোমাই পৰে । সূত্ৰ অনুসৰি, পাঁচখন গাড়ীত আহি সিন্ধু নদীৰ ওপৰত থিয় হৈ ভাৰতীয়সকলক উদ্দেশ্যি চীনা পতাকা দেখুৱাই ।

চীনৰ ৰঙা চকু উপেক্ষা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোনযোগে দালাই লামাৰ জন্মদিনৰ শুভেচ্ছাবাৰ্তা দিয়ে । ধৰ্মগুৰুৰ স’তে তেওঁ প্ৰায় ২০ মিনিট কথা পাতে । উল্লেখ্য, ২০১৪ত প্ৰধানমন্ত্ৰী পদত নিযুক্ত হোৱাৰ পাছত এইয়ে প্ৰথম দালাই লামাৰ স’তে কথা পাতিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।

তিব্বতৰ নিৰ্বাসিত চৰকাৰৰ ৰাষ্ট্ৰপতি পেম্পা চেৰিঙে কয়, ক’ভিড পৰিস্থিতি কিছু পৰিমাণে স্তিমিত হ’লেই প্ৰধানমন্ত্ৰী মোদীৰ স’তে বৈঠকত মিলিত হ’ব দালাই লামা ।

Exit mobile version