বর্ণময় ফুটবল জীৱনত সংযােজন প্ৰথমটো বৃহৎ খিতাপ জয়ৰ সন্মান, নিস্তেজ অৱস্থাতাে দীপ্তমান ফুটবল-সূর্য

ছাম্বাৰ ছন্দ স্তব্ধ কৰি অৱশেষত শাপমুক্ত মেছি

z24rbeb8fcyt0c0o 1626009462

ব্রাজিলৰ ৰিঅ’ ডি জেনেইৰত অৱস্থিত মাৰাকানা ফুটবল ষ্টেডিয়াম। সেই ষ্টেডিয়ামতে সাত বছৰৰ পূর্বে। নােপােৱাৰ বেদনাত ক্রন্দনত ভাঙি পৰিছিল এজন প্রায় সকলােৰে প্রিয় শিল্পী ফুটবলাৰ। বর্ণময় ফুটবল জীৱনত এই অনন্য প্রতিভাশালী ফুটবলাৰজনে প্রায় সকলােখিনিয়েই পাইছিল।

অথচ তেওঁ নিজৰ দেশলৈ আনি দিব পৰা নাছিল কোনাে বৃহৎ প্রতিযােগিতাৰ খিতাপ। যাৰ বাবে বিশ্ববন্দিত হলেও কেতিয়াবা স্বদেশতে নিন্দিত হৈছিল বিশ্বৰ অন্যতম শ্রেষ্ঠ ফুটবলাৰজন। অৱশেষত প্ৰায় ১৭ বছৰীয়া আন্তর্জাতিক ফুটবল জীৱনৰ সেই অপূর্ণ মনােবাঞ্ছা দেওবাৰে ৰিঅ’ ডি জেনেইৰৰ সেই মাৰাকানা ষ্টেডিয়ামতে পূৰণ কৰি দীর্ঘদিনীয়া অভিশাপৰ পৰা মুক্ত হ’ল লিয়নেল মেছি।

নিজৰ অসাধাৰণ প্রতিভাক প্রদান কৰিলে ন্যায্যতা। ব্রাজিলৰ অতি পৰিচিত ছাম্বাৰ ছন্দ নষ্ট কৰি অৱশেষত কোপা আমেৰিকা ফুটবলৰ জৰিয়তে বৃহৎ প্রতিযােগিতাৰ ট্ৰফী নিজ দেশ আর্জেন্টিনালৈ কঢ়িয়াবলৈ সক্ষম হ’ল এই বিৰল প্ৰতিভাৰ অধিকাৰীজনে। সুদীর্ঘ ২৮ বছৰৰ পাছত আন্তর্জাতিক ফুটবলত কোনাে ট্ৰফী জয় কৰিলে আর্জেন্টিনাই।

মেছিয়ে খেলিবলৈ আৰম্ভ কৰাৰ বহু বছৰৰ পূর্বেই ১৯৯৩ত আর্জেন্টিনাই কোপা আমেৰিকাৰ খিতাপ জয় কৰিছিল। তেতিয়াৰে পৰা বহু প্রতিভাশালী ফুটবলাৰ উপহাৰ দিয়া দেশখনে বৃহৎ প্রতিযােগিতাত কেৱল হতাশাকে দেখি আহিছিল। শৈশৱৰ পৰাই বিৰল প্রতিভাৰ পৰিচয় দি স্পেইনৰ বাৰ্চিলােনা ক্লাকে অসংখ্য সাফল্য আনি দিয়া মেছিয়ে জাতীয় দলৰ হৈ খেলাৰ পৰাই আর্জেন্টিনাৰ সমর্থকৰ প্রত্যাশা বৃদ্ধি পাইছিল।

অথচ ২০০৫ত জাতীয় দলৰ হৈ অভিষেক ঘটোৱাৰে পৰা মেছিয়ে স্বদেশৰ সমর্থকসকলৰ সেই প্রত্যাশা পূৰণ কৰিবলৈ সক্ষম হােৱা নাছিল। সুদীর্ঘ বর্ণময় ফুটবল জীৱনত অসংখ্য ব্যক্তিগত সন্মান অভিলেখৰ গৰাকী হৈছে মেছি। কিন্তু জাতীয় দলৰ হৈ খিতাপ জয়ৰ ব্যর্থতাই তেওঁকো সদায় ব্যথিত কৰি ৰাখিছিল।

বার্চিলােনা ক্লাবৰ হৈ মেছিয়ে জয় কৰিছিল ১০টা স্পেনিছ লা লিগা, সাতটা কোপা ডেল ৰে, চাৰিটা চেম্পিয়নছ, এটা ক্লাব বিশ্বকাপৰ খিতাপ। ইয়াৰ উপৰি তেওঁ অৰ্জন কৰিছিল ছটাকৈ বর্ষশ্রেষ্ঠ ফুটবলাৰ বেলন ডি’অৰ ট্ৰফী। আর্জেন্টিনাৰ যুৱ দলৰ হৈ তেওঁ ফিফা বিশ্ব যুৱ ফুটবল প্রতিযােগিতা আৰু অলিম্পিক স্বর্ণপদকো অর্জন কৰিছিল।

অথচ জ্যেষ্ঠ জাতীয় দলৰ হৈ মেছিয়ে ইমানদিনে দেশলৈ খিতাপ কঢ়িয়াই আনিব পৰা নাছিল। আজিৰ ফাইনেলৰ আগলৈকে তেওঁৰ দলে চাৰিবাৰ তিনিবাৰ কোপা আমেৰিকা আৰু এবাৰ বিশ্বকাপৰ ফাইনেল খেলিও অন্তিম বাধা অতিক্রম কৰিব পৰা নাছিল।

আনকি মেছিৰ নেত্বতে আর্জেন্টিনাই ২০১৪ বিশ্বকাপ তথা ২০১৫ আৰু ২০১৬ৰ কোপা আমেৰিকাৰ ফাইনেল খেলি পৰাজিত হৈছিল। সুদীর্ঘ ফুটবল জীৱনত মেছিৰ স’তে শ্রেষ্ঠত্বৰ এক অঘােষিত যুঁজ চলি আহিছিল ক্রিস্তিয়ানাে ৰােণাল্ডােৰ।তুলনামূলকভাৱে পতুর্গাল দল আর্জেন্টিনাতকৈ দুর্বল।

তেনে এটা সাধাৰণ দলক সন্মুখৰ পৰা নেতৃত্ব দি জার্মানী, ফ্রান্স, ইটালী, ইংলণ্ড, বেলজিয়ামৰ দৰে ফুটবল ‘পাৱাৰ হাউছ’ক অতিক্রম কৰি ৰােণাল্ডােৱে ২০১৬ৰ ইউৰ’ পিৰ ট্ৰফী স্বদেশলৈ কঢ়িয়াই নিয়াৰ পাছত মেছিৰ ওপৰত চাপ বৃদ্ধি পাইছিল।

সেই বাবেই একেটা বছৰতে পুনৰ কোপা আমেৰিকাৰ ফাইনেলত পৰাজিত হৈ মেছিয়ে আন্তর্জাতিক ফুটবলৰ পৰাই অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰ সেই সিদ্ধান্তই সকলােকে আচম্বিত কৰি তুলিছিল। অৱশ্যে আর্জেন্টিনা ফুটবল প্রশাসকৰ আহ্বানত মেছিয়ে পুনৰ জাতীয় দললৈ উভতি অহাৰ সিদ্ধান্ত লৈছিল।

সেই সিদ্ধান্ত সলনি নকৰা হ’লে হয়তাে মেছিয়ে এটা অভিযােগ লৈয়েই সমগ্র জীৱনটো কটাবলগীয়া হ’লহেঁতেন। মেছিৰ ওপৰত আন এটা চাপাে আছিল। সেয়া হৈছে কিংবদন্তি ফুটবলাৰ ডিয়েগ’ মাৰাড়ােনা যােগ্য উত্তৰসুৰী হৈ উঠাৰ ক্ষেত্ৰত আর্জেন্টিনাৰ সমর্থকৰ অমত।

অসামান্য ফুটবল দক্ষতা আৰু ক্ৰীড়াশৈলীত শিল্পৰ সানমিহলিৰ বাবে মেছিক বহুতেই ‘ফুটবল-ঈশ্বৰ’ বা মাৰাডােনাৰ উত্তৰসুৰী বুলি ক’ব বিচাৰে। আন বহুতেই আকৌ তেওঁক মাৰাডােনাৰ স’তে তুলনা কৰিবলৈ ৰাজি নাছিল। সেই ক্ষেত্ৰত আন্তর্জাতিক প্রতিযােগিতাত খিতাপ জয়ৰ অভাৱৰে যুক্তি দর্শাইছিল।

আর্জেন্টিনাৰ হৈ সর্বাধিক মেচ খেলা আৰু সর্বাধিক ৭৬টা গ’ল দিয়াৰ অভিলেখ স্থাপন কৰাৰ পাছতাে তেওঁ ইমানদিনে স্বদেশৰ সমর্থকৰ বাবে মাৰাডােনাৰ ছাঁতে থাকি গৈছিল। সেই বিষয়টোৱেও হয়তাে মেছিৰ মন-গহনত প্ৰভাৱ পেলাইছিল। এতিয়াৰ পৰা আৰু মেছিৰ স’তে মাৰাডােনা বা ৰােণাল্ডােৰ তুলনা কৰাৰ ক্ষেত্ৰত বিশেষ বাধা নাথাকিব।

মেছিৰ বিৰুদ্ধে ইমানদিনে সমর্থকৰ এটাই অভিযােগ আছিল, দেওবাৰে তেওঁ সেই অভিযােগাে নুই কৰিলে। লক্ষ্যণীয়ভাৱে আজিৰ ফাইনেলত চাবলৈ গ’লে মেছি প্রায় নিস্তেজ হৈ আছিল। ব্রাজিলৰ ৰক্ষণ বিভাগৰ খেলুৱৈসকলে তেওঁক প্রতিক্ষণতে তীক্ষ দৃষ্টি ৰাখিছিল। যাৰ বাবে দুখন ঐশ্বৰিক ভৰিৰ যাদু প্রত্যক্ষ কৰাৰ পৰা ফুটবল প্রেমী বঞ্চিত হ’ল।

প্রায় তিনি-চাৰিজন খেলুৱৈয়ে তেওঁক ঘেৰি ৰাখিছিল। খেলৰ ৩২ মিনিটত ব্রাজিল ডিফেণ্ডাৰ মাৰকুইনাছৰ আঁৰ হৈ মেছিয়ে এটা শ্বট লৈছিল যদিও গ’লৰ বাবে সেয়া যথেষ্ট নাছিল। প্রথমার্ধ্বৰ অন্তিম ক্ষণত সতীর্থ জিঅ’ভান্নি লাে ছেলচ’ক লৈ ব্রাজিলৰ গ’ল বক্সত তেওঁ এটা সুযােগ সৃষ্টি কৰিছিল যদিও মাকুইনাছে ব্যর্থ কৰে। ৬১ মিনিটত তেওঁ ফ্রী কিক মাৰিও কোনাে প্রভাৱ পেলাব নােৱাৰিলে।

প্রায় সকলাে সময়তে আবদ্ধ হৈ থকা মহাতাৰকাজনে খেলৰ ৮৯ মিনিটত গ’ল দিয়াৰ এক সুৱর্ণ সুযােগ লাভ কৰিছিল। ব্রাজিলৰ গ’লৰ মুখত একমাত্র গ’লকীপাৰ এডেৰছন। মােৰায়েজক মেছিয়ে অকলশৰে পােৱাত সকলােৱে ভাবিছিল যে আর্জেন্টিনাৰ দ্বিতীয়টো গ’ল নিশ্চিত হ’ল। কিন্তু খেল।

একেবাৰে সহজ সুযােগটোতাে সুদক্ষ গল স্ক’ৰাৰজনে গ’ল দিয়াত ব্যর্থ হয়। ফাইনেলত ব্যর্থ হলেও আর্জেন্টিনা দলৰ এই যাত্ৰাত মেছিৰ অৱদান আছিল অতুলনীয়। প্রায় সমগ্র প্রতিযােগিতাতে তেওঁ দীপ্তমান সূৰ্যৰ দৰেই জিলিকি আছিল। যাৰ বাবে তেওঁ প্ৰতিযােগিতাত সর্বাধিক গ’লদাতা আৰু প্ৰতিযােগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মাননা অর্জন কৰে।

তেওঁৰ মুঠ চাৰিটা গ’লৰ এটা আহিছিল এক দৃষ্টিনন্দন ফ্রী কিকৰ জৰিয়তে। ফাইনেলৰ পূর্বে চাৰিখন মেচত তেওঁ লাভ কৰিছিল শ্রেষ্ঠ খেলুৱৈৰ সন্মান। সেয়ে ফাইনেলত নিস্তেজ হৈ পৰাৰ সময়তাে এই ফুটবল-সূর্য আছিল পূর্বৰ দৰেই দীপ্তমান। উল্লেখ্য যে কিংবদন্তি মাৰাডােনাৰ মৃত্যুৰ পাছত আর্জেন্টিনাই এই প্রতিযােগিতাতে প্রথম খেলিছিল।

প্রথম খেলতে মাৰাডােনাৰ ফটো সম্বলিত জাৰ্ছি পিন্ধি খেলুৱৈসকলে প্রাক্তন বিশ্বজয়ী অধিনায়কজনৰ প্রতি শ্রদ্ধা নিবেদন কৰিছিল। কোপা আমেৰিকাৰ আয়ােজকৰ তৰফৰ পৰাও মাৰাডােনাৰ প্রতি শ্রদ্ধা নিবেদন কৰা হৈছিল। মাৰাডােনাৰ অবর্তমানত দেশখনৰ সম্পদ এতিয়া মেছি।

ফাইনেলৰ অন্তত ট্ৰফী হাতত লৈ মেছিয়ে প্রথমেই চাইছিল আকাশলৈ। হয়তাে মেছিয়ে। মনতে কৈছিল, তুমি সোঁশৰীৰে নাথাকিলেও তুমি আমাৰ মাজত সদায় থাকিবা। এই জয় তােমাৰ বাবেই।

Exit mobile version