ইজৰাইলত আগষ্টৰ পৰা প্ৰদান কৰিব তৃতীয় পালি প্রতিষেধক

116327986 hi064978670

ক’ভিড প্ৰতিৰােধৰ বাবে তৃতীয় পালি প্রতিষেধক প্ৰদানৰ সিদ্ধান্ত ল’লে ইজৰাইল চৰকাৰে। প্রতিষেধক প্রস্তুতকাৰক প্রতিষ্ঠান ফাইজাৰে প্ৰকাশ কৰা মতে, তৃতীয় পালি প্রতিষেধক প্রদানক লৈ ইজৰাইলে এক প্রতিবেদন দাখিল কৰিছে।

দেশখনৰ চৰকাৰে ইতিমধ্যে ক’ভিডৰ বুষ্টাৰ প্ৰতিষেধক প্রদানবাবে সেউজ সংকেত দিলে। উল্লেখ্য যে ক’ভিডৰ প্রতিষেধক প্রদান। সবাতােকৈ প্রথমে ইজৰাইলতে আৰম্ভ হৈছিল। দেশখনত কেৱল ফাইজাৰৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে।

প্রতিষেধক লােৱাৰ ছমাহ পাছতাে বহু লােক নতুনকৈ ক’ভিডত সংক্রমিত হৈছে। ডেল্টা প্রজাতি প্ৰতিৰােধৰ ক্ষেত্ৰত টিকা সফল নােহােৱাৰ অভিযােগ উত্থাপিত হৈছে। সেয়েহে নতুনকৈ টিকাকৰণৰ প্ৰয়ােজন আছে বুলি ইজৰাইলে তৃতীয়টো পালি প্রদানত অনুমােদন জনাইছে।

অহা আগষ্টৰ পৰা দেশখনত তৃতীয় পালি প্রতিষেধক প্রদান আৰম্ভ কৰা হ’ব। ইজৰাইলত বৃদ্ধ আৰু শাৰীৰিকভাৱে দুর্বল ব্যক্তিকহে প্রথমে ক’ভিডৰ তৃতীয় পালি প্রতিষেধক দিয়া হ’ব।

Exit mobile version