চীনৰ প্রতি কিয় বিশ্বজুৰি বৃদ্ধি পাইছে ঘৃণাভাব ?

4JKB7272V5IXRJRFPV6MHIFNLE

চীনৰ কমিউনিষ্ট পার্টিয়ে দেশখনত দীর্ঘকাল ধৰি চলােৱা শাসনত ব্যক্তিগত স্বাধীনতাক দমন কৰি আহিছে । মানৱাধিকাৰ হননৰ এনেবােৰ কর্মকাণ্ডৰ ফলত বিশ্বৰ বিভিন্ন দেশৰ মাজত ক্রমে অপ্রিয় হ’বলৈ ধৰিছে চীন।

আনকি চীনৰ এনেবােৰ মানৱতাবিৰােধী কাম- কাজ প্রত্যক্ষ কৰি অহা বিশ্বৰ বহু দেশে চীনৰ প্রতি এতিয়া ঘৃণাৰ ভাব পােষণ কৰিছে। পিউ ৰিছাৰ্চ চেণ্টাৰে যােৱা সপ্তাহত এই বিষয়ত এক সমীক্ষা চলাইছিল।

বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিৰ অধিকাৰী ১৭খন দেশে এই সমীক্ষাত অংশ লৈছিল। এই সমীক্ষাত অংশ লােৱা ৬৯ শতাংশ লােকে চীনৰ প্রতি নেতিবাচক মনােভাৱ প্ৰদৰ্শন কৰে।

চীনে নাগৰিকৰ ব্যক্তিগত স্বাধীনতাক সন্মান প্রদর্শন নকৰা হেতুকে বিশ্বৰ সৰহসংখ্যক দেশৰ নাগৰিকে চীনৰ প্রতি তেওঁলােকৰ দৃষ্টিভংগী ইতিবাচক নহয় বুলি জানিবলৈ দিয়ে।

বিশেষকৈ কৰ’না ভাইৰাছৰ ব্যাপক সংক্রমণৰ পাছৰে পৰা বিশ্বজুৰি চীনৰ প্ৰতি নেতিবাচক দৃষ্টিভংগী আন দেশসমূহৰ মাজত যথেষ্ট বৃদ্ধি পাইছে বুলিও এই সমীক্ষাত উল্লেখ কৰা হৈছে।

আর্থিক আৰু সামৰিক শক্তি যথেষ্ট বৃদ্ধি পােৱাৰ পাছতাে চীনত ব্যক্তিগত স্বতন্ত্রতাক কমিউনিষ্ট চৰকাৰে অহৰহ দমন কৰি আহিছে। এই কাৰণতে বিশ্বৰ সৰহসংখ্যক দেশে এতিয়া চীনৰ প্রতি নেতিবাচক দৃষ্টিভংগী গ্রহণ কৰিবলৈ বাধ্য হৈছে।

Exit mobile version