তিনিচুকীয়া বাইপাছ পথৰ দিহিংগীয়া গাঁৱৰ চাৰিআলিত উদণ্ড যুৱকৰ প্ৰহাৰ এগৰাকী আৰক্ষীক

Screenshot 20210713 121759 com.huawei.himovie.overseas

সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে আৰক্ষী জোৱান গৰাকীক প্ৰহাৰ কৰা এটা ভিডিঅ ।ঘটনাৰ তথ্য অনুসৰি ময়ূৰ ৰঞ্জন দাস নামৰ আৰক্ষী জোৱান গৰাকীয়ে সোমবাৰে সন্ধিয়া কৰ্তব্য সমাপন কৰি ডিব্ৰুগড় দিশৰ পৰা মাকুমস্থিত দ্বিতীয় অসম আৰক্ষী বাহিনীলৈ আহি থকাৰ সময়তে সংঘটিত হৈছিল উক্ত ঘটনাটো ।

আৰক্ষী জোৱান গৰাকীয়ে পথৰ কাষতে থকা এখন হোটেলত চাহ খাবলৈ ৰোৱাৰ সময়তে হোটেলখনত আগৰ পৰা ৰৈ থকা একাংশ যুৱকৰ লগত মাস্ক পৰিধান কৰা-নকৰাকলৈ তৰ্ক হৈছিল জোৱানগৰাকীৰ ।

ইয়াৰ পাছতে জোৱানগৰাকীক খেদি খেদি প্ৰহাৰ কৰিছিল সুৰামত্ব হৈ থকা যুৱক কেইগৰাকীয়ে ।

ইফালে আৰক্ষী জোৱান গৰাকীক প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতে তৎপৰতাৰে ইতিমধ্যে নিশাই তিনিজনক আটক কৰিছে পানীতোলা আৰক্ষীয়ে ।

তথ্য অনুসৰি আটকাধীন যুৱক কেইগৰাকী লাইপুলিৰ ভাষ্কৰ গোহাঁই , কিৰণ গোঁহাই আৰু কৌশিক গোঁহাই ।অন্যহাতে বৰ্তমানেও পলাতক অৱস্থাত আছে ঘটনাৰ স’তে জড়িত আন দুই যুৱক ।

Exit mobile version