অমৰলতা এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ এনে কিছুমান ঔষধি গুণ আছে যিয়ে আমাৰ শৰীৰৰ বহুতাে ৰােগ নিৰাময় কৰাত সহায় কৰে।
★ ইয়াৰ ৰস সেৱন কৰিলে ৰােগ প্ৰতিৰােধী ক্ষমতা বৃদ্ধি পায়।
★ইয়াৰ ৰস সেৱন কৰিলে বাত বিষপিত্ত,কফ আদিৰ দৰে ৰােগ নিৰাময় হয়।
★ইয়াৰ ৰস সেৱন কৰিলে বদহজম,গেছট্রিক, পেটৰ বিষ আদিৰ দৰে সমস্যা নােহােৱা হয়।
★ইয়াৰ ৰস সেৱন কৰিলে গ্রহণী,কৌষ্ঠকাঠিন্য,আভােক হােৱা আদি সমস্যা নােহােৱা হয়।
★ইয়াৰ ৰস সেৱন কৰিলে শৰীৰ আৰু পেটৰ পৰা অলাগতিয়াল বর্জিত পদার্থ বাহিৰ হয় আৰু তেজ পৰিষ্কাৰ হয় লগতে ৰক্তহীনতা নােহােৱা হয়।
★ইয়াৰ ৰস সেৱন কৰিলে ব্লাড চুগাৰ নিয়ন্ত্রণ হয়।
★ ইয়াৰ ৰস সেৱন কৰিলে শৰীৰৰ অতিৰিক্ত চর্বি নােহােৱা হয়।
★তুলসী, মৌজোল বা গুৰৰ লগত এই ৰস মিহলাই খালে কাহ,চর্দি, জ্বৰ,মেলেৰিয়া, টাইফয়ড আদিৰ দৰে ৰােগ নিৰাময় হয়।
★এল’ভেৰা জেল এচামুচ, অমিতা পাতৰ ৰস এচামুচ, অমৰলতাৰ পাতৰ ৰস এচামুচ আৰু দুচামুচ মৌজোল মিহলাই দিনে দুই-তিনি বাৰকৈ সেৱন কৰিলে ডেংগু,চুৱাইন ফ্লু আদিৰ দৰে ৰােগ নিৰাময় হয়।
★ অমৰলতা আৰু অশ্বগন্ধাৰ ৰস একেলগে মিহলাই সেৱন কৰিলে মহিলাৰ সন্তান জন্ম দিব নােৱাৰা সমস্যা নিৰাময় হয়।
★ইয়াৰ ৰসৰ লগত হালধি মিহলাই ছালত লগালে ছালৰ বিভিন্ন ৰােগ নিৰাময় হয় আৰু ছাল উজ্জ্বল হয়।
★ কাণত এক/দুই টোপাল ইয়াৰ ৰস দিলে কাণৰ বিষ ভাল হয় আৰু কাণৰ ঘাঁ সােনকালে শুকায়।
★ইয়াৰ ৰস সেৱন কৰিলে চকুৰ দৃষ্টি শক্তি বৃদ্ধি পায়।