গর্ভধাৰণৰ অভিজ্ঞতাক লৈ কৰিণাই লিখিলে ‘প্রেগনেন্সি বাইবেল’, সংখ্যালঘু ব’র্ডৰ তীব্র আপত্তি

kareena kapoor

বলিউডৰ জনপ্রিয় অভিনেত্রী কৰিণা কপুৰ খানে চলিত বৰ্ষতে দ্বিতীয়টো সন্তান জন্ম দিছিল। যােৱা ন জুলাইত বলিউডৰ এইগৰাকী অভিনেত্রীয়ে নিজে লিখা এখন গ্রন্থ মুকলি কৰে।

ADVERTISEMENT

কৰিণাই এই গ্রন্থত দুবাৰকৈ মাতৃত্ব অর্জনৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰিছে। অভিনেত্রীগৰাকীয়ে গর্ভধাৰণ বিষয়ক গ্রন্থখনৰ নাম ৰাখিছে।‘প্রেগনেন্সি বাইবেল’।

কিন্তু এই নামৰে গ্রন্থ প্রকাশ কৰি এক বিপদৰ সম্মুখীন হ’ল বলিউডৰ এইগৰাকী অভিনেতা-লেখিকা। অল ইণ্ডিয়া মাইন’ৰিটি ব’র্ডে ইতিমধ্যে কৰিণাৰ এইখন গ্ৰন্থৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হােৱাৰ সিদ্ধান্ত লৈছে।

সংখ্যালঘু ব’র্ডে কিতাপখনৰ নামকৰণক লৈ তীব্র অসন্তুষ্টি প্রকাশ কৰিছে। ব’র্ডৰ অধ্যক্ষ ডায়মণ্ড ইউছুফে এই সন্দৰ্ভত কানপুৰত এখন বৈঠক অনুষ্ঠিত কৰি কৰিণা কপুৰে ৰচনা কৰা গ্রন্থৰ নাম ‘প্রেগনেন্সি বাইবেল’ ৰখাৰ তীব্ৰ বিৰােধিতা কৰে।

বাইবেল হৈছে খ্রীষ্টধর্মৰ পৱিত্র গ্রন্থ। এনে গ্রন্থৰ নাম কৰিণাই গর্ভধাৰণক লৈ লিখা গ্রন্থৰ নামৰ স’তে ব্যৱহাৰ কৰাত আপত্তি দর্শালে সংখ্যালঘু পৰিষদে।

Exit mobile version