আহত গছৰ কে’বাটাও ঔষধি গুণ আছে জানাে আহক এইসমূহ ঔষধি গুণৰ বিষয়ে

bodhi leaf tree on branch 260nw 1200048016

★ পােৰা অংশত আহত গছৰ ছাল পিচি লগালে সেই ঘাঁ সােনকালে শুকায় আৰু লগতে পােৰাৰ লগে লগে আহত গছৰ পাত খুন্দি লগালে জলনৰ পৰা সকাশ লাভ কৰা যায়।

★ আহত গছৰ ছাল শুকুৱাই গুৰি কৰি সেই গুৰিৰ লগত মৌজোল মিহলাই অলপ সময় মুখত লগাই ধুই পেলালে মুখৰ ঘাঁ আৰু জিভাৰ ঘাঁ ভাল হয়।

★ আহত গছৰ পূৰঠ গুটি শুকুৱাই গুৰি কৰি তাৰ এচামুচৰ লগত মৌজোল মিহলাই দিনে দুবাৰকৈ সেৱন কৰিলে এজমা ৰােগ নিৰাময় হয়।

★ আহত গছৰ ছালৰ ৰস তিনি চামুচৰ লগত এচামুচ মৌজোল মিহলাই দিনে দুবাৰকৈ সেৱন কৰিলে কফৰ সমস্যা দূৰ হয়।

★ আহত গছৰ ডালৰ আঠাই গেৰুৱা ফটা সমস্যা দূৰ কৰে।

★ এলার্জি, খৰ-খজুৱতি, বেচু আদি হােৱা অংশ ভালদৰে গৰম পানীত অলপ নিমখ মিহলাই চাফা কৰি সেই অংশত আহত গছৰ ছাল এৱা গাখীৰৰ লগত পিচি এই লেপনটো তিনি ঘন্টা মান ৰাখি ধুই দিলে সকাশ পােৱা যায়।

★ আহত গছৰ পূৰঠ গুটি শুকুৱাই গুৰি কৰি তাৰ এচামুচ এগিলাচ পানীৰ লগত মিহলাই ৰাতি শুৱাৰ আগত সেৱন কৰিলে বন্ধ্যতাৰ সমস্যা নােহােৱা হয়।

Exit mobile version