দুয়োটা কিডনী বিকল হৈ মৃত্যু আনন্দ বজাৰৰ যুৱকৰ

চাৰিদিন পূৰ্বে যুৱকজনৰ দেহত ধৰা পৰিছিল ক’ভিড পজিটিভ

squareart 3

দুই হাত যোৰ কৰি নিজৰ চিকিৎসাৰ বাবে সহায় বিচৰা যুৱকজন আৰু নাই ৷ তিনিমাহ পূৰ্বৰ পৰাই দুয়োটা কিডনী বিকল হৈ থকা বাগসাৰ আনন্দ বজাৰ হৰিপুৰৰ যুৱক ৰাজেন নাথৰ আজি পুৱাই মৃত্যু হয় ৷

ADVERTISEMENT

আনন্দ বজাৰৰ সমীপৰ হৰিপুৰ গাঁৱৰ অনিল নাথৰ কনিষ্ঠ পুত্ৰ ২২ বছৰীয়া ৰাজেন নাথৰ তিনিমাহ আগতেই দুয়োটা কিডনী বিকল হৈ পৰাত পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে চেন্নাই, গুৱাহাটীকে ধৰি বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰিছিল যদিও সুস্থ হৈ উঠা নাছিল ৷

কিছুদিন পূৰ্বে পৰিয়ালৰ লোকে পুনৰাই ৰাজেনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছিল৷তাৰ মাজতে চাৰিদিন পূৰ্বে ক’ভিড পজিটিভ ধৰা পৰিছিল উদীয়মান যুৱক ৰাজেন নাথৰ দেহত আৰু আজি পুৱাই চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় যুৱকজনৰ ৷

উল্লেখ্য যে যুৱক ৰাজেন নাথে চৰকাৰী চাকৰি বিচাৰি বিভিন্ন ইণ্টাৰভিউ আদিত অৱতীৰ্ণ হৈছিল যদিও শেহতীয়াকৈ অসম আৰক্ষী পদৰ শাৰীৰিক সাক্ষাৎকাৰত উত্তীৰ্ণও হৈছিল ৷ উদীয়মান যুৱকজনৰ অকাল মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে ৷

Exit mobile version