প্ৰবীণ অভিনেত্ৰী সুৰেখা ছিক্ৰিৰ দেহাৱসান

Surekha Sikri 1626413309251 1626413316015

হৃদৰোগত আক্ৰান্ত হৈ প্ৰয়াত হয় ৭৫ বছৰীয়া অভিনেত্ৰী সুৰেখা ছিক্ৰি । বহু বছৰ ধৰি বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাত ভুগি আছিল প্ৰবীণ অভিনেত্ৰীগৰাকী । ২০১৮ত ষ্ট্ৰ’ক হোৱাৰ পাছত পক্ষাঘাত হয় অভিনেত্ৰী সুৰেখাৰ । ২০২০ত পুনৰ ব্ৰেইন ষ্ট্ৰ’ক হয় । ইয়াৰ পাছত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় । শুকুৰবাৰে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে তিনিবাৰ ৰাষ্ট্ৰীয় বঁটা জয়ী অভিনেত্ৰীগৰাকীয়ে ।

ব্ৰেইন ষ্ট্ৰ’ক হৈ হাস্পতালত ভৰ্তি হৈ থকাৰ সময়তে জনা যায় যে, অৰ্থৰ অভাৱৰ বাবে অভিনেত্ৰীগৰাকীৰ চিকিৎসাত সমস্যা হৈছে । সেই সময়ত সহায় কৰিবলৈ আগবাঢ়ি আহিছিল অভিনেতা ছনু ছুড‌‌‌, সুৰেখাৰ ‘বধাই হ’ ছবিৰ সহ অভিনেতা গজৰাজ ৰাৱ আৰু পৰিচালক অমিত শৰ্মা । কিন্তু হাস্পতালত ভৰ্তি হোৱাৰ আগলৈকে এবাৰো অৰ্থকষ্টৰ বিষয়ে জনোৱা নাছিল বৰ্ষীয়ান অভিনেত্ৰীগৰাকীয়ে । ইয়াৰ পৰিৱৰ্তে কাম কৰাৰ সুযোগ বিচাৰিছিল ।

মঞ্চ, সৰু পৰ্দা, ডাঙৰ পৰ্দা সকলোতেই তেওঁ অনায়াসে কাম কৰিছিল । বিখ্যাত হিন্দী ধাৰাবাহিক ‘বালিকা বধু’ত তেওঁৰ অভিনয়ে দৰ্শকৰ মন জয় কৰিছিল । ‘তমাছ’, মাম্ম’, ‘বধাই হ’, ‘জুবেদা’, নেটফ্লিক্সৰ ‘ঘ’ষ্ট ষ্ট’ৰীজ’ একাধিক ছবিত অভিনয় কৰিছে সুৰেখাই ।

তেওঁ ‘বধাই হ’ৰ বাবে অন্তিমটো ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল । সেই সময়ত তেওঁ সুস্থ নাছিল । হুইলচেয়াৰত বহি পুৰষ্কাৰ গ্ৰহণ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ।

Exit mobile version