বােমা বিস্ফোৰণৰ পাছত পাকিস্তানৰে বন্ধুত্বত ফাট : চীনে কৰিব তদন্ত

busblast

পাকিস্তানৰ খাইবাৰ পখটুনখােৱাত এক বােমা বিস্ফোৰণৰ ঘটনাত চীনৰ নজন অভিযন্তাৰ মৃত্যু হােৱাৰ পাছত তীব্র প্রতিক্রিয়া প্রকাশ কৰিলে বেইজিঙে। পাকিস্তানৰ প্রতি ইমানদিনে বন্ধুত্ব আচৰণ প্ৰদৰ্শন কৰি অহা চীনে বােমা বিস্ফোৰণৰ এই ঘটনা তদন্ত নিজাববীয়াকৈ কৰাৰ সিদ্ধান্ত ল’লে ৷

চীনৰ প্রতিনিধিয়ে বােমা বিস্ফোৰণৰ তদন্তত পাকিস্তানৰ আৰক্ষীৰ স’তে অংশ ল’ব বুলি বৃহস্পতিবাৰে চীনৰ বৈদেশিক মন্ত্রণালয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে বুধবাৰে খাইবাৰ পাখটুনখােৱাত এখন বাছত সংঘটিত হােৱা বােমা বিস্ফোৰণৰ ঘটনাত নজন চীনা অভিযন্তাসহ মুঠ ১৩ জন লােকৰ মৃত্যু হৈছিল।

Exit mobile version