১৫ হেজাৰ টকাৰ আলু ভজা !

কেনেদৰে প্ৰস্তুত কৰা হৈছে চাওক ভিডিঅ'

Untitled design 2021 07 16T1 1

প্ৰা‌য় পাঁচ হেজাৰ টকা মূল্যৰ আলু ভজা ! আলু ভজাৰো ইমান মূল্য হ’ব পাৰে !

এই আলু ভজাৰ নাম ‘ফ্ৰেন্স ফ্ৰাইছ’ । ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য ১৪ হেজাৰ ৯২৮ টকা । আমেৰিকাত দুশ ডলাৰ ।

এই বহুমূল্যৱান ফ্ৰেন্স ফ্ৰাই বনাইছে নিউয়ৰ্ক চিটীৰ বিখ্যাত ৰেস্তোৰাঁ ‘ছেৰেণ্ডিপিটি-৩’য়ে । যোৱা ১৩ জুলাই ‘নেছনেল ফ্ৰেন্স ফ্ৰাই দে’ পালন কৰিবলৈ এই চমকপ্ৰদ আলু ভজা বনাইছে ৰেস্তোৰাঁখনে । গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত যাক বিশ্বৰ ‘আটাইতকৈ দামি ফ্ৰেন্স ফ্ৰাই’ আখ্যা দিয়া হৈছে ।

চাওঁ আহক কি কি দি প্ৰস্তুত কৰা হৈছে বিশ্বৰ আটাইতকৈ দামি এই আলু ভজা :

ইনষ্টাগ্ৰাম প’ষ্টত এই ফ্ৰেন্স ফ্ৰাইৰ বিতং বৰ্ণনা দিয়া হৈছে । ড’ম পেৰিগ্ন’ন চেম্পেন আৰু জে লেব্লেংক ফ্ৰেন্স চেম্পেন অৰ্ডেন ভিনেগাৰ, গেৰাণ্ডে ট্ৰাফল ছল্ট, উৰ্বানি ছামাৰ ট্ৰাফল অইল আৰু ক্ৰেট ছেনেছি পেক’ৰিন’ টাৰটুফেল্ল’ৰে ফ্ৰেন্স ফ্ৰাইটো প্ৰস্তুত কৰা হৈছে ।

গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ তৰফৰ এটা ইনষ্টাগ্ৰাম প’ষ্টত দেখুওৱা হৈছে কেনেদৰে পৰ্যায়ক্ৰমে তৈয়াৰ কৰা হৈছে বিশ্বৰ আটাইতকৈ দামি আলু ভজা ।

চাওক ভিডিঅ’ :

Exit mobile version