অহা সপ্তাহৰ পৰা ভাৰতত মাষ্টাৰকার্ডে নতুন ডেবিট-ক্রেডিট কার্ড জাৰি কৰিব নােৱাৰিব। ২২ জুলাইৰ পৰা নতুন প্রিপেইড কার্ডো মাষ্টাৰকার্ডে জাৰি কৰিব নােৱাৰিব। বুধবাৰে এই ঘােষণা কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে।
ৰিজাৰ্ভ বেংকৰ নীতি ভংগৰ অভিযােগ উত্থাপিত হ’ল মাষ্টাৰকার্ড এছিয়া-পেচিফিকৰ বিৰুদ্ধে। সংস্থাটোৱে ‘পেমেন্ট ছিষ্টেমছ ডেটা ‘সংৰক্ষণৰ ক্ষেত্ৰত যথাযথ ব্যৱস্থা গ্রহণ নকৰাত এই সিদ্ধান্ত গ্রহণ কৰিবলৈ বাধ্য হ’ল দেশৰ কেন্দ্ৰীয় বেংকটোৱে।
অৱশ্যে বর্তমানে যিসকল গ্রাহকৰ হাতত মাষ্টাৰকাৰ্ডৰ ডেবিট-ক্রেডিট কার্ড আছে তেওঁলােকৰ ওপৰত এই নির্দেৰ্শৰ কোনাে প্রভাৱ নপৰিব বুলি ভাৰতীয় ৰিজাৰ্ভ বেংকে জানিবলৈ দিছে।