ৰাজবংশী ভাষাক নাৰ্ছাৰীৰ পৰা পঞ্চম শ্রেণীলৈ মাতৃভাষা আৰু গৃহভাষা হিচাপে শিক্ষাৰ মাধ্যম কৰাৰ দাবীৰে অসমৰ মুখ্যমন্ত্ৰীলৈ কোচৰাজবংশী সাহিত্য সভাৰ স্মাৰক পত্র প্ৰেৰণ

Nursery admission

কোচৰাজবংশী সাহিত্য সভায় আজি এক স্মাৰক পত্র যোগে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ অভিনন্দন জ্ঞাপন কৰে।কোচৰাজবংশী সাহিত্য সভাৰ সভাপতি ডঃ দীজেন্দ্ৰ নাথ ভকত আৰু সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনে সাক্ষৰিত এক প্ৰেছ বাৰ্তাত সদৰি কৰে এই কথা। উক্ত প্ৰেছ বাৰ্তাতেই কেতবোৰ দাবীও উত্থাপন কৰিছে কোচৰাজবংশী সাহিত্য সভাৰ তৰফৰ পৰা।

উক্ত প্ৰেছ বাৰ্তাতেই উল্লেখ কৰে যে ভাৰত চৰকাৰে ঐতিহাসিক এন ই পি ২০২০ ক আদৰণি জনোৱাৰ উপৰিও ৰাজবংশী ভাষাটোক নাৰ্ছাৰীৰ পৰা পঞ্চম শ্রেণীলৈ মাতৃভাষা আৰু গৃহভাষা হিচাপে শিক্ষাৰ মাধ্যম কৰাৰ দাবী জনাইছে।

লগতে কোচৰাজবংশী সকলৰ জলন্ত দাবী কোচৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ বিষটো সমাধান কৰাৰ দাবী জনাইছে। লগতে কোচৰাজবংশী সকলৰ সৰ্বাঙ্গিন উন্নয়নৰ কাৰণে ঘোষনা কৰা কামতাপুৰ অটোনমাছ কাউঞ্চিল বাস্তবায়িত কৰাৰ কাৰণে চলিত অধিবেশনতে উপযুক্ত পুজি আবন্টনৰ ব্যবস্থা কৰি অন্তৰ্বতিকালীন কমিটিখন কাৰ্যক্ষম কৰাৰো আবেদন জনোৱাৰ উপৰিও গুৱাহাটী মহানগৰীত অন্যান্য জনজাতি আৰু জনগোষ্ঠীসমুহৰ নিচিনাকৈ কোচৰাজবংশী সাহিত্য সভাৰ ভৱন নিৰ্মান কৰাৰ বাবে ভূমি আবন্টন দি এটা ভৱন নিৰ্মানৰো দাবী জনাইছে কোচৰাজবংশী সাহিত্য সভাই।

Exit mobile version