আঠ বছৰৰ অংক সমাধান কৰিব পাৰে এঘণ্টাত !

বিশ্বৰ দ্ৰুততম ছুপাৰকম্পিউটাৰ প্ৰস্তুত কৰিলে চীনে

quant 1 1024

বিশ্বৰ দ্ৰুততম ছুপাৰকম্পিউটাৰ বনালে চীনে । সাম্প্ৰতিক সৰ্বাধুনিক ছুপাৰকম্পিউটাৰবোৰক যি জটিল সমস্যা সমাধান কৰিবৰ বাবে আঠ বছৰ লাগে, চীনৰ বিশেষজ্ঞসকলে প্ৰস্তুত কৰা এই ছুপাৰকম্পিউটাৰক সেই একেই সমস্যা সমাধান কৰিবলৈ লাগে মাত্ৰ ৭০ মিনিট । এই দাবী কৰিছে গৱেষকসকলে । ৬৬ কিউবিটৰ এই দ্ৰুততম ছুপাৰকম্পিউটাৰৰ নাম দিয়া হৈছে ‘জুচংছি’ ।

সাধাৰণ বা ‘ক্লাচিকেল’ কম্পিউটাৰৰ ‘বিটছ’ক কোৱাণ্টাম কম্পিউটাৰৰ ক্ষেত্ৰত ‘কোৱাণ্টাম বিটছ’ বা ‘কিউবিটছ’ বুলি কোৱা হয় । ৰিভিউ পৰ্যায় অতিক্ৰম কৰাৰ পাছত এতিয়া গৱেষণাটো আন্তৰ্জাতিক বিজ্ঞান গৱেষণা পত্ৰিকাত প্ৰকাশৰ অপেক্ষাত ।

গৱেষণা পত্ৰিকাটোত জনোৱা হয়, গুগলৰ ৫৪ কিউবিটৰ ছাইকাম’ৰ কোৱান্টাম কম্পিউটাৰে যি জটিল গাণিতিক সমস্যা সমাধান কৰিবলৈ পাৰদৰ্শী, জুচংছি তাতোকৈ এহেজাৰ গুণ জটিল গাণিতিক সমস্যা এক ঘণ্টাতকৈ সামান্য বেছি ৭০ মিনিটত সমাধান কৰিবলৈ সক্ষম ।

দ্ৰুতগতিত কোনো জটিল সমস্যা সমাধান কৰাৰ লগতে কম সময়ৰ ভিতৰতে বহু সুজটিল সমস্যাৰ সমাধানো কৰিবলৈ পাৰদৰ্শী জুচংছি বুলি দাবী জনাইছে গৱেষকে ।

ইম্পেৰিয়েল কলেজ লণ্ডনৰ পদাৰ্থবিদ পিটাৰ নাইটে কয়, ‘মানিব‌ই লাগিব, গৱেষকসকলে অসাধ্য সাধন কৰিছে । ইমান সোনকালে এনে দ্ৰুত কম্পিউটাৰ আমি বনাব পাৰিম বুলি ভবা নাছিলো । এই উদ্ভাৱন হয়তো জ্যোতিৰ্বিজ্ঞান, মহাকাশবিজ্ঞানৰ লগতে সাধাৰণ মানুহৰ কামতো লগোৱা হ’ব আগন্তুক কিছু বছৰৰ পাছতে ।’

Exit mobile version