অভিনেতা অনুপ ছোনিৰ কণ্ঠত সতৰ্কবাণী প্ৰত্যেকৰে পৰিচিত । সৰু পৰ্দাত ‘ক্ৰাইম পেট্ৰ’ল’ অনুষ্ঠানৰ সঞ্চালক হৈ অপৰাধমূলক গল্প শুনাই তেওঁ । দেশৰ নানা প্ৰান্তত হোৱা লোমহৰ্ষক ঘটনাৰ বিষয়ে অৱগত কৰে দৰ্শকসকলক ।
সম্প্ৰতি এক ‘গঠনমূলক’ কাম কৰিছে অনুপে । তলাবন্ধৰ অৱসৰক কামত লগাই অপৰাধস্থল তদন্ত বিষয়ক এটা কোৰ্ছ কৰিলে তেওঁ । সেই কোৰ্ছ সম্পন্ন কৰি শংসাপত্ৰ ইনষ্টাগ্ৰামত অনুৰাগীসকলৰ স’তে শ্বেয়াৰ কৰিলে । তেওঁ লিখে, ‘অপৰাধস্থল তদন্ত বিষয়ক কোৰ্ছৰ শংসাপত্ৰ । তলাবন্ধৰ সময়ত নিজৰ জীৱনীশক্তিক কামত লগাই গঠনমূলক কিবা কৰাৰ চেষ্টা কৰিলো । নতুনকৈ পঢ়া-শুনা কৰা অতি জটিল আছিল । কিন্তু এইটো সিদ্ধান্ত গ্ৰহণ কৰি মই গৰ্ববোধ কৰিছো ।’
অনুপৰ প’ষ্টৰ মন্তব্য স্থানত শুভেচ্ছা জনাইছে অনুৰাগীসকলে । বহুতে কৌতুকৰ সুৰত লিখে, ‘ক্ৰাইম পেট্ৰ’লত নিজৰ ভূমিকাক খুব গুৰুত্ব দি চাইছে ।’ কোনো কোনোৱে উপদেশ দিয়ে, ‘সঞ্চালক হ’ব নালাগে আৰু তদন্তকাৰী হৈ যাওক ।’
প্ৰায় এক দশক ধৰি ক্ৰাইম পেট্ৰ’লৰ সঞ্চালকৰ ভূমিকাত আছে তেওঁ । ২০১৭ত আন্যান্য কামৰ বাবে অনুষ্ঠানৰ চতুৰ্থ ছিজনৰ পৰা বিৰত আছিল অনুপ । পৰৱৰ্তী সময়ত পুনৰ সঞ্চালক হিচাপে উভতি আহে ।