বেঁকী নদীৰ বিধ্বংসী গৰাখহনীয়াৰ কৱলত কলগাছিয়াৰ ৰাইজ

কলগাছিয়াৰ বলাইপাথাৰত অব্যাহত আছে বেঁকী নদীৰ বিধ্বংসী গৰাখহনীয়া। চপৰা চপৰে খহিছে প্ৰকাণ্ড প্ৰকাণ্ড গৰা । নৈৰ বুকুত জাহ গৈছে দহটাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ। ভাবুকিৰ সৃষ্টি হৈছে দক্ষিণ বলাইপাথাৰ প্ৰাথমিক বিদ্যালয়লৈ।

ADVERTISEMENT

কলগাছিয়া ৰাজহ চক্ৰৰ বলাইপাথাৰ গাৱত বেঁকী নদীৰ বিধ্বংসী গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি ত্ৰাসৰ সৃষ্টি কৰিছে। মাত্ৰ কেইদিনৰ ভিতৰতে কাউৰজাহীৰ ৰিং বান্ধ ছিঙি বলাইপাথাৰৰ মাজেৰে বৈ অহা বেঁকী নদীৰ সোতে সৃষ্টি কৰিছে ব্যাপক গৰাখহনীয়া।

ফলত বলাইপাথাৰৰ নুৰ হুছেইন, হাচেন আলী, আব্দুচ ছালাম, হানিফ আলী, আব্দুৰ ৰৌফ, হাবিজুল ইছলাম আৰু ছাজাহান আলীকে ধৰি প্ৰায় দহটাকৈ পৰিয়ালৰ মাটি ভেটি উছন কৰাৰ লগতে অলপতে চৰকাৰে আবন্টন দিয়া প্ৰধানমন্ত্ৰী আবাস গৃহও নদীৰ বুকুত বিলিন হৈছে।

সম্প্ৰতি স্বৰ্বস্ব হেৰাই পথৰ ভিক্ষাৰীত পৰিণত হৈছে ভূক্তভোগী পৰিয়াল সমূহ। গৰাখহনীয়াই দক্ষিণ বলাইপাথাৰ প্ৰাথমিক বিদ্যালয়লৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে বলাইপাথাৰ, খাৰবাল্লী, আমগুৰিকে ধৰি কেইবাটাও ৰাজহ গাওঁ নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে। তাৰ কাৰণে চৰকাৰৰ সুদৃষ্টি কামনা কৰিছে ভূক্তভোগী সকলে।

Exit mobile version