ব্ৰিটেইনৰ ক’ভিডবিধি প্ৰত্যাহাৰ বিশ্বৰ পক্ষে বিপজ্জনক, উদ্বেগ ১২০০ জন বিজ্ঞানীৰ

DWWN6IUJNBKIZPHLNHMZFIE2TY

ৰাজনীতিবিদক সতৰ্ক কৰি দিলে বিজ্ঞানীসকলে। অতিমাৰীৰ মাজতে যাৱতীয় নিষেধাজ্ঞাসমূহ প্ৰত্যাহাৰৰ যি সিদ্ধান্ত ঘোষণা কৰিছে ব্ৰিটেইনে । সেয়া যে মংগলজনক সিদ্ধান্ত নহয়, ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনক সেইয়া স্পষ্টকৈ জনাই দিলে বিজ্ঞানীসকলে ।

ব্ৰিটেইনত ক’ভিডৰ নিষেধাজ্ঞা ওপৰত লোৱা এই সিদ্ধান্ত সমগ্র বিশ্বৰ বাবে অতি অত্যন্ত বিপদজনক হৈ উঠিব বুলি সতৰ্ক কৰি দিয়ে ১২০০ জন বিজ্ঞানীয়ে।

তেওঁলোকৰ মতে, এই সিদ্ধান্তৰ ফলত ডেল্টাৰ দৰে কৰ’না ভাইৰাছৰ শক্তিশালী প্ৰকাৰ অধিক দ্ৰুততাৰে বিয়পাই দিব। দেশে দেশে সামগ্ৰিক টিকাকৰণৰ ছবি এতিয়াও খুব স্পষ্ট নহয়। এই পৰিস্থিতিত ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ বৰিছ জনছনৰ সিদ্ধান্তক সমালোচনা কৰি তেওঁলোকে কয় যে ইয়াৰ ফলত কৰ’না সংক্ৰমণ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যাব।

হু’ৰ জ্যেষ্ঠ উপদেষ্টা, ভেলেন্সিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক হোছে মাৰ্টিন-মোৰেনোৱে কয় যে তেওঁ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ সিদ্ধান্তত হতবাক হৈছে। গভীৰ উদ্বেগৰ বিষয়। এই সিদ্ধান্তৰ পৰিণতি অতি ভয়ংকৰ হ’ব পাৰে।

বিখ্যাত চিকিৎসা গৱেষণা আলোচনী ‘লেঞ্চেট’ (লেঞ্চেট জাৰ্নেল)ৰ সম্পাদকলৈ লিখা এখন পত্ৰত ব্ৰিটেইনকে ধৰি সমগ্ৰ বিশ্বৰ ১২০০ জন বিজ্ঞানীয়ে এই উদ্বেগ প্ৰকাশ কৰিছে। নিউজিলেণ্ড, ইটালী আৰু ইজৰাইল চৰকাৰৰ বিশেষজ্ঞসকলে ইতিমধ্যে এই বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে।

বিজ্ঞানী আৰু চিকিৎসকসকলৰ এখন আন্তৰ্জাতিক অনলাইন সন্মিলনতো উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকে কয় যে ব্ৰিটেইন হৈছে বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ কৰিবলৈ আৰু সেই দেশবোৰৰ পৰা নিজৰ দেশলৈ উভতি অহাৰ বাবে এক গুৰুত্বপূৰ্ণ যোগাযোগস্থান।

ব্ৰিটেইন হৈছে সমগ্ৰ বিশ্বতে প্ৰায় পৰিবহন কেন্দ্ৰ । ইয়াৰ ফলস্বৰূপে, ব্ৰিটেইনে (ইউকে) এখন দেশৰ পৰা আন এখন দেশলৈ কৰ’না সংক্ৰমণ বিয়পাৰ এক সুবিধাজনক ক্ষেত্ৰ হিচাপে কাম কৰিব আৰু বিপদৰ সৃষ্টি কৰিব।

Exit mobile version