মহিলা বিনিয়ােগকাৰীৰ বাবে আধাৰশিলাই আনিছে প্ৰচুৰ লাভৰ সম্ভাৱনা

মাত্র ২৯ টকাকৈ বিনিয়ােগ কৰিলে চাৰি লাখ টকাৰ ৰিটাৰ্ণ !

lic policy

ভাৰতীয় জীৱন বীমা নিগম চমুকৈ এলআইচিয়ে সম্প্রতি বজাৰলৈ আনিছে বিভিন্ন আকর্ষণীয় আঁচনি। এলআইচিৰ এনে প্ৰতিটো আঁচনিৰ বিশেষত্ব এয়ে যে, বিনিয়ােগ কৰা উপভােক্তাই ম্যাদ পূৰ হােৱাৰ অন্ততঃ বৃহৎ অংকৰ ৰিটার্ণ লাভ কৰাৰ নিশ্চয়তা থাকে এইবােৰত।

লগতে থাকে বিনিয়ােগ ৰাশিৰ নিশ্চিত নিৰাপত্তাও। অর্থনৈতিক নিৰাপত্তা আৰু আকর্ষণীয় ৰিটাৰ্ণৰ নিশ্চয়তা দিয়া সংস্থাটোৱে মুকলি কৰা এই ধৰণৰ বিভিন্ন আঁচনিৰ মাজত শেহতীয়াকৈ ব্যাপক জনপ্রিয়তা লাভ কৰা এক আঁচনি হৈছে আধাৰশিলা আঁচনি।

এই আঁচনি বিশেষভাৱে কেৱল যুৱতী তথা মহিলা বিনিয়ােগকাৰীসকলক উদ্দেশ্যি মুকলি কৰা হৈছে। আঠৰ পৰা ৫৫ বছৰৰ যিকোনাে কিশােৰী যুৱতী আৰু মহিলাই এই আঁচনিত বিনিয়ােগ কৰিব পাৰে। খুব বেছি পুঁজি বিনিয়ােগ নকৰিলেও কথা নাই এই আঁচনিত।

সংসাৰৰ বাজেটৰ পৰা কাটি ৰখা অলপ অলপ টকা জমা কৰিয়ে আৰম্ভ কৰিব পৰা যায় এলআইচিৰ এই আধাৰশিলা। আঁচনিখনৰ আওতাত এগৰাকী মহিলাই যদি দৈনিক ২৯ টকাকৈ ৰাহি কৰি এই আঁচনিত বিনিয়ােগ কৰিব পাৰে তেন্তে ধাৰাবাহিকভাৱে এইদৰে ২০ বছৰ পর্যন্ত বিনিয়ােগ কৰিলে তেওঁৰ হাতলৈ আহিব পাৰে চাৰি লাখ টকা।

অৱশ্যে এই আঁচনিৰ দ্বাৰা অধিক লাভান্বিত হ’বলৈ হ’লে দীর্ঘম্যাদৰ বাবে বিনিয়ােগ কৰাটো বাঞ্ছনীয়। হ্রস্বম্যাদৰ বাবে বিনিয়ােগ কৰিলে মােটা অংকৰ ৰিটাৰ্ণ পাব পৰা নাযাব আধাৰ শিলা আঁচনিত। ওপৰত উল্লেখ কৰি অহা হৈছে, বিনিয়ােগ কৰা ধনৰাশিৰ নিৰাপত্তাৰ লগতে এলআইচিৰ এই পলিচীয়ে মহিলা এগৰাকীক সম্পূর্ণ নিৰাপত্তা কভাৰেজো প্রদান কৰে।

অর্থাৎ যিয়ে বিনিয়ােগ কৰিছে তেওঁ যদি পলিচীটোৰ ম্যাদ পূৰ হােৱাৰ আগতেই দুর্ভাগ্যবশতঃ মৃত্যুমুখত পৰে, তেন্তে তেনে ক্ষেত্ৰত ভাৰতীয় জীৱন বীমা নিগমে তেওঁৰ পৰিয়ালক অর্থনৈতিক সুৰক্ষা প্রদান কৰিব। এই সুৰক্ষা পুঁজিৰ ন্যূনতম পৰিমাণ ৭৫ হেজাৰ টকা আৰু সর্বোচ্চ পৰিমাণ তিনি লাখ টকা।

আনহাতে ,১০ ৰ পৰা ২০ বছৰ ধৰি ধাৰাবাহিকভাৱে বিনিয়ােগ কৰিলে সর্বোচ্চ চাৰি লাখ টকা পর্যন্ত পাব পাৰি এই আঁচনিত। এলআইচিৰ ৱেবছাইটৰ পৰা লাভ কৰা তথ্যমতে, দৈনিক সর্বোচ্চ ২৯ টকাকৈ জমা কৰিলে এই পলিচীত এবছৰৰ মূৰত ১০,৯৫৯ টকা বিনিয়ােগ কৰিব পাৰে এগৰাকী মহিলাই।

এইদৰে ২০ বছৰ পর্যন্ত একেৰাহে জমা কৰি থাকিলে বছৰি ৪.৫ শতাংশ হাৰত উক্ত জমাৰাশি বাঢ়ি হ’ব ২,১৪,৬৯৬ টকা। অর্থাৎ এগৰাকী মহিলাই যদি ২০ বছৰত ২,১৪,৬৯৬টকা বিনিয়ােগ কৰে তেন্তে ম্যাদ পূৰ হােৱাৰ অন্তত তেওঁৰ হাতলৈ আহিব চাৰি লাখ টকা। মন কৰিবলগীয়া যে, মহিলাসকলৰ সুবিধার্থে এই পলিচীত বিনিয়ােগৰ নিয়মাে আন আঁচনিৰ তুলনাত যথেষ্ট সৰল কৰি তােলা হৈছে।

এলআইচি আধাৰশিলা আঁচনিত বিনিয়ােগ কৰাৰ বাবে মহিলা এগৰাকীক প্রয়ােজন হােৱা একমাত্র নথিখন হৈছে আধাৰ কার্ড। ইয়াৰ বাদে আন কোনাে বিশেষ তথ্য পাতি জমা দিয়াৰ প্রয়ােজন নাথাকে এই আঁচনিত।

Exit mobile version