সৰ্বশিক্ষাৰ তৃতীয়-চতুৰ্থ বৰ্গ কৰ্মচাৰী সংস্থাৰ মুখ্যমন্ত্ৰী সাহায্য পুজিলৈ বৰঙনি

WhatsApp Image 2021 07 18 at 7.25.22 PM

যোৱা দুটা বছৰ ধৰি সমগ্ৰ বিশ্বকে ত্ৰাসিত কৰা কৰ’না মহামাৰীৰ ভেকচিন ক্ৰয়ৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুজিলৈ ৰাজ্যৰ বহু শুভাকাংক্ষী, দল-সংগঠন তথা ব্যক্তিয়ে দান বৰঙনি যোগাই আহিছে৷ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানমৰ্মে অসম সৰ্বশিক্ষা মিছন কৰ্মচাৰী সকলৰ হৈ সদৌ অসম সৰ্বশিক্ষা তৃতীয়-চতুৰ্থ বৰ্গ কৰ্মচাৰী ঐক্যমঞ্চই শনিবাৰে দিছপুৰত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি সংস্থাৰ ফালৰপৰা এক লাখ একত্ৰিশ হাজাৰ টকাৰ ড্ৰাফট অৰ্পণ কৰে ৷

লগতে বাগসা,ধেমাজি,লক্ষিমপুৰ আৰু কৰিমগঞ্জ এই চাৰিখন জিলাৰ কৰ্মচাৰী সকলে এদিনৰ দৰমহা চাৰিখন ড্ৰাফটযোগে মুঠ তিনি লাখ পঁচিশ হাজাৰ ষোল্ল টকা অৰ্পণ কৰে ৷

আনহাতে সমগ্ৰ ৰাজ্যৰে কৰ্মীসকলৰ এদিনৰ দৰমহা ২৪ লাখ ৫০ হাজাৰ ৬৩০ পৰা ২১ লাখ ২৫ হেজাৰ ৬২১ টকা ইতিমধ্যে বিভিন্ন মাধ্যমেৰে জিলা সমুহে সাহায্য পুজিলৈ প্ৰেৰণ কৰিছে ৷

ঐক্যমঞ্চৰ ফালৰপৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক জাপি, শৰাই, চেলেং চাদৰ আৰু ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়৷ লগতে সৰ্বশিক্ষা প্ৰশাসনিক কৰ্মচাৰী সকলৰ সমস্যা সম্বলিত কেবাদফীয়া এখন স্মাৰকপত্ৰও মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰা হয় ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰীক সাক্ষাৎৰ সময়ত ঐক্যমঞ্চৰ ফালৰপৰা কাৰ্যকৰী সভাপতিদ্বয় বাগসাৰ জালাহ সৰ্বশিক্ষা অভিযান মিছনৰ আই ই বিভাগৰ ভূদেৱ গোস্বামী, ইন্দ্ৰশেখৰ শৰ্মা, সম্পাদক উত্তম দত্ত, উপ সভাপতি ৰক্তোতপল বৰঠাকুৰ, যুটীয়া সম্পাদক মনোজ ডেকা,প্ৰচাৰ সম্পাদক জিতু বৰুৱা আৰু কাৰ্যকৰী সদস্য হেমন্ত শৰ্মা উপস্থিত থাকি বৰঙনি সমুহ অৰ্পণ কৰে ৷

Exit mobile version