কেৰালাত প্ৰকোপ বৃদ্ধি জিকাৰ, পুনৰ পাঁচজন আক্ৰান্তক চিনাক্ত

984226 zika virus thinkstock 100318

কেৰালাত প্ৰতিদিনে বৃদ্ধি পাইছে মাৰাত্মক জিকা জিকা ভাইৰাছৰ সংক্ৰমণ । নতুনকৈ সংশ্লিষ্ট ৰাজ্যখনত চিনাক্ত হ’ল পাঁচজন জিকা আক্ৰান্ত ৰোগী ।

বৰ্তমানলৈকে কেৰালাত ৩৫ জন ৰোগীৰ শৰীৰত এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে আৰু বৰ্তমানে ১১জন ৰোগী চিকিৎসাধীন হৈ আছে । এৰ্নাকুলাম, তিৰুঅন্তপুৰম, ত্ৰিশূৰ, কোঝিকোড়, আলাৰপপুঝৰত একাধিক জিকা আক্ৰান্ত ৰোগীক চিনাক্ত কৰা হৈছে ।

উল্লেখ্য যে এছিড প্ৰজাতিৰ মহৰ জৰিয়তে মানৱ দেহলৈ জিকা ভাইৰাছৰ সংক্ৰমণ ঘটে । এই ৰোগত আক্ৰান্ত ৰোগীৰ শৰীৰত জ্বৰ, চকুৰ সমস্যা, কনজাংটিভাইটিছ, শৰীৰ হাত-ভৰিত বিষ, মূৰৰ বিষ আদি উপসৰ্গ‌ই দেখা দিয়ে ।

Exit mobile version