চাইকেলেৰে সংসদলৈ গ’ল তৃণমূল সাংসদসকল ! পেট্ৰ’পণ্যৰ বৰ্দ্ধিত মূল্যৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ

952468 tmc protests against fuel price hike at parliament

চাইকেল চলোৱা পৰিলক্ষিত হ’ল তৃণমূল কংগ্ৰেছৰ সাংসদসকলক ! সোমবাৰে দিল্লীৰ ছাউথ এভিনিউৰ দিল্লীস্থ কাৰ্যালয়ৰ পৰা তৃণমূলৰ প্ৰায় আঠজন সাংসদে চাইকেল চলাই সংসদলৈ যায় ! পেট্ৰ’ল, ডিজেলসহ পেট্ৰ’পণ্যৰ মূল্য‌বৃদ্ধিৰ বিৰুদ্ধে এনেদৰেই প্ৰতিবাদ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে মমতা বেনাৰ্জীৰ দলীয় সাংসদসকলে । মূল্যবৃদ্ধিৰ প্ৰতিবাদত শ্ল’গান লিখা বগা বস্ত্ৰ পৰিধান কৰে, অৱশ্যে চাইকেল সংসদত সোমোৱাৰ আগতেই তেওঁলোকক বাধা প্ৰদান কৰা হয় ।

ডেৰেক অ’ব্ৰায়েন, কল্যাণ বন্দ্যোপাধ্যায়, অৰ্পিতা ঘোষ, নাদিমুল হক, শান্তনু সেন, আবিৰৰঞ্জন বিশ্বাসসহ কে’বাগৰাকীও সাংসদ যায় । বয়স্ক সাংসদসকলে সংসদৰ কাষৰ পৰা যোগ দিয়ে । সূত্ৰ অনুসৰি, প্ৰথমে ঘোঁৰাৰ গাড়ীৰে সংসদত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰা হৈছিল । সেয়া ‘ৰাজকীয়’ হৈ যাব পাৰে বুলি শংকা কৰি চাইকেল বাচি লোৱা হয় ।

সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিবেশন । দুয়ো কক্ষতে পেট্ৰ’ল, ডিজেলৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভত জাননী দিব পাৰে তৃণমূলে । সূত্ৰ অনুসৰি, ৰাজ্যসভাত দলৰ সচেতক সুখেন্দুশেখৰ ৰায়ে ধাৰা ২৬৭ৰ অধীনত সকলো কাৰ্যসূচী স্থগিত ৰাখি পেট্ৰ’পণ্যৰ মূল্য‌বৃদ্ধিক লৈ আলোচনাৰ জাননী দিব । দেওবাৰে তেওঁ কয়, ‘যোৱা মাৰ্চত তৎকালীন তৈলমন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে লোকসভাত লিখিত প্ৰত্যুত্তৰত স্বীকাৰ কৰিছিল যে, বিগত ছবছৰত পেট্ৰ’পণ্যৰ মূল্য‌ ৪৯৩ শতাংশ বৃদ্ধি পাইছে । আজিৰ দিনত সকলো চহৰতে পেট্ৰ’লৰ মূল্য‌ই এশ টকা অতিক্ৰম কৰিছে । এশৰ ঘৰ চোব ডিজেলেও । অথচ এই উপমহাদেশত অন্যত্ৰ কম মূল্যত পেট্ৰ’ল বিক্ৰী হৈছে ।’

সুখেন্দুৱে লগতে জনায় যে, মন্ত্ৰী প্ৰধানে জুনত কৈছিল তেলৰ বাবদ যি অতিৰিক্ত ৰাজস্ব আহে, সেয়া জনকল্যাণমূলক কাৰ্যসূচীত ব্যয় কৰা হৈছে । তৃণমূল সাংসদগৰাকীৰ মতে, ‘অতিৰিক্ত ৰাজস্ব কিমান আহিছে আৰু তাৰে চৰকাৰে কি কি জনকল্যাণমূলক পৰিসেৱা দিছে, তাৰ এটা শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে ।’

তৃণমূল সূত্ৰৰ মন্তব্য, অধিবেশনত প্ৰত্যেকদিনাই জনস্বাৰ্থমূলক জাননী দিয়া হ’ব আলোচনাৰ বাবে । কিন্তু চৰকাৰে তেওঁলোকক কোনো ধৰণৰ অস্বস্তিকৰ বিষয়ত আলোচনা কৰিব নিদিব বুলিও শংকা প্ৰকাশ কৰে । এই ক্ষেত্ৰত সংসদত প্ৰতিদিনে হুলস্থলীয়া পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে । দেওবাৰে তৃণমূলৰ চাইকেল প্ৰতিবাদৰ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সহ-সভাপতি তথা সাংসদ অৰ্জুন সিঙে এক প্ৰকাৰ হুমকিৰ সুৰত কয়, ‘পশ্চিমবংগত ভোট পৰৱৰ্তী হিংসাৰ ফলত বহুতে গৃহত্যাগ কৰি দিল্লীত আশ্ৰয় লৈ আছে । তেওঁলোকে অহা কালি তেওঁলোকৰ আন্দোলনৰ সময়ত তৃণমূলক কিবা ক’ব বিচৰে নে নাই লক্ষ্যণীয় হ’ব ।’

দেওবাৰে এনডিএ-ৰ মিত্ৰশক্তিৰ নেতাসকলৰ স’তে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । একেলগে কাম কৰাৰ আহ্বান জনায় তেওঁ পৰামৰ্শ দিয়ে যে, নতুন মন্ত্ৰীসকল যাতে সকলো সময়তে অধিবেশন কক্ষত উপস্থিত থাকে । প্ৰত্যকে পুৱা ১১ বজাৰ ভিতৰত কক্ষত উপস্থিত হ’ব লাগিব ।

Exit mobile version