চিথিলাত ক’ভিড ভেকচিনৰ অনাটন

ভেকচিন গ্ৰহণৰ বাবে কেবাশতাধিক লোকৰ শাৰী চিথিলা উচ্চ মাধ্যমিক বিদ্যালয়ত

WhatsApp Image 2021 07 19 at 2.07.47 PM

কোকৰাঝাৰ জিলাৰ দোতমা স্বাস্থ্য খণ্ডৰ অধিন চিথিলা উচ্চ মাধ্যমিক বিদ্যালয়ত ক’ভিড ভেকচিনক কেন্দ্র কৰি ৰাইজৰ লানি নিছিঙা ভিৰ। প্ৰাপ্ত তথ্য অনুসৰি চিথিলা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি ১০০ ক’ভিড ভেকচিনৰ যোগান ধৰিছিল স্বাস্থ্য বিভাগে কিন্ত বহুতো লোকে ভেকচিন নোপোৱাত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়।

ADVERTISEMENT

ঘটনাস্থলিত আৰক্ষী উপস্থিত হোৱাত পৰিস্থিতিৰ সাম কাটে।ইপিনে ভেকচিন নোপোৱাৰ একাংশ ৰাইজে চিথিলাত অধিক ভেকচিন যোগান ধৰিবৰ বাবে চৰকাৰক আহ্বান জনায়।

তিনি দিন ঘুৰাৰ পাছতো ভেকচিন নোপোৱাৰ বাবে একাংশই ঘৰে ঘৰে ভেকচিন প্ৰদানৰ বাবে আহ্বান জনায়। ক’ভিড অতিমাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ সজাগতাই ভবিষ্যতে ক’ভিড মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱা যাব বুলি সমাজ সচেতন মহলে ব্যাক্ত কৰিছে।

Exit mobile version