জানেনে কলখাৰৰ এই সমূহ আচৰিত গুণ ?

mqdefault

★পকা ভীমকলৰ বাকলি পুৰি ছাইখিনি এৰাতিৰ কাৰণে পানীত তিয়াই থৈ পানীখিনি ছেকি লৈ এক কাপ পানীত চাৰি /পাঁচ টোপাল মিঠাতেল, অলপ নিমখ আৰু তিনি/চাৰিটা নহৰু থেতেলাই দি মিশ্ৰ্ণটো সামান্য গৰম কৰি গৰম ভাতৰ লগত মিহলাই খালে উপকাৰ কাহৰ পৰা উপশম পোৱা যায় ।

★কলাখাৰত যিহেতু অধিক মাত্ৰাত পটাছিয়াম আৰু কম পৰিমাণৰ ছডিয়াম থাকে গতিকে কলাখাৰক সাধাৰণ নিমখৰ বিকল্প হিছাপে ব্যবহাৰ কৰিব পাৰি ।

★ ভেনাডিয়ামে হৃদপিন্দৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে বুলি এক বিশ্বাস আছে । যিবোৰ ঠাইত হৃদপিন্দৰ ৰোগীৰ স্ংখ্যা বেছি সেই ঠাইবোৰৰ পানীত ভেনাডিয়ামৰ মাত্ৰা কম । কলাখাৰত ভেনাডিয়ামৰ উপস্থিতিয়ে হৃদপিন্দৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে ।

★ ই পেটৰ অম্ল বা এচিডিটিৰ উপশম ঘটায়৷ খাদ্যৰ প্ৰতি ৰুচি বঢ়ায়৷ অভোক আঁতৰায়৷ খাদ্য সহজে হজম কৰায়৷

★ খাৰৰ মুখ্য কাম হৈছে শৰীৰৰ শোধন কৰা, অতিৰিক্ত এচিডক নিষ্ক্ৰিয় কৰি শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰা।

★ছালৰ বিভিন্ন ৰোগত( বিশেষকৈ এলাৰ্জি জনিত ৰোগ, পিম্পলছ আদি) মাজে মাজে খাৰ খালে তেজৰ শোধন ।

Exit mobile version