জ্বৰ, বমি, মূৰৰ বিষ একেলগে ?

আপুনিও আক্ৰান্ত নেকি ন'ৰ'ভাইৰাছত

2 spain hospital 770x433 1

জ্বৰ, মূৰৰ বিষ, পেটৰ বিষ, বমি এই লক্ষ্যণেৰেই ইংলেণ্ডত আতংকৰ সৃষ্টি কৰিছে ‘ন’ৰ’ভাইৰাছ’এ । কৰ’নাৰ দৰেই এই ভাইৰাছৰ সংক্ৰমণ ক্ষমতা অত্যন্ত বেছি । সম্প্ৰতি ইংলেণ্ডৰ জনস্বাস্থ্য বিভাগৰ তৰফৰ পৰা ইয়াক লৈ সতৰ্ক কৰা হৈছে । তেওঁলোকে পৰিসংখ্যা দি দেখুৱাইছে, এই ভাইৰাছে আমেৰিকাত বেছিভাগ পেটৰ অসুখত ভোগা মানুহক আক্ৰমণ কৰিছে । এই বিষয়ে জনাইছে আমেৰিকাৰ ৰোগ নিয়ন্ত্ৰক সংস্থা চিডিচি-য়ে । কৰ’নাৰ সময়তে সেয়ে ইংলেণ্ডত আতংকৰ সৃষ্টি কৰিছে ন’ৰ’‌ই ।

কেনেধৰণৰ লক্ষ্যণ দেখা যায় এই ৰোগৰ ক্ষেত্ৰত ? চিকিৎসকসকলে কয়, সাধাৰণতে এই ভাইৰাছত সংক্ৰমিত হোৱাৰ ১২ৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত শৰীৰত প্ৰভাৱ পৰা আৰম্ভ কৰে । এই প্ৰভাৱ এদিনৰ পৰা তিনিদিন থাকিব পাৰে । ইয়াৰ লক্ষ্যণসমূহ হৈছে সঘনাই মূলত্যাগ, পেটৰ বিষ, বমি ভাব, জ্বৰ, মূৰৰ বিষ, গা বিষ ।

এই ৰোগ সংক্ৰমিত হয় আক্ৰান্তৰ শৰীৰৰ পৰা নিৰ্গত ভাইৰাছৰ জৰিয়তে । তদুপৰি নোধোৱা শুকান খাদ্য, দীৰ্ঘদিন থৈ দিয়া পানী আৰু অপৰিষ্কাৰ কোনো সামগ্ৰীৰ পৰা । এজন আক্ৰান্ত‌ই বতাহত কে’বাশ‌ও ন’ৰ’ভাইৰাছৰ কণা বিয়পাব পাৰে । যিয়ে সুস্থ ব্যক্তিৰ শৰীৰত প্ৰৱেশ কৰি ব্যক্তিজনক সংক্ৰমিত কৰিব পাৰে ।

সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শত আহিলেও সংক্ৰমণ হ’ব পাৰে । ইয়াৰ উপৰি খাদ্যৰ পৰাও বিয়পিব পাৰে । ভাইৰাছ থকা ঠাইত হাত দি, হাত নোধোৱাকৈ মুখত দিলেও সংক্ৰমণ হ’ব পাৰে । আক্ৰান্তৰ স’তে এটা পাত্ৰতে খাদ্য গ্ৰহণ কৰিলে বা পানী খালে এই ৰোগ হ’ব পাৰে । চিকিৎসকসকলে জনায় যে, তিনিদিনত এই ৰোগৰ পৰা সুস্থ হ’লেও, বহু লোকৰ শৰীৰত এক মাহ পৰ্যন্ত ভাইৰাছৰ লক্ষ্যণ থাকে । বহুজনৰ শৰীৰত এই ৰোগৰ এনে ধৰণে প্ৰভাৱ পৰে যে গোটেই জীৱন ৰোগৰ স্থায়ী ক্ষত থাকি যায় ।

Exit mobile version