‘ব্লু অৰিজিন’ৰ মহাকাশ যান নিউ ছেফার্ড নিৰ্মাণৰ দায়িত্বত ভাৰতীয়মূলৰ অভিযন্তা সঞ্জল

2021 7largeimg 2021633764

আজিৰ দিনটোৰ পাছতে মহাকাশ অভিমুখে ব্লু অৰিজিন সংস্থাৰ দ্বাৰা নির্মিত নিউ ছেফার্ড নামৰ মহাকাশ যানৰে যাত্ৰা কৰিব বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি জেফ বেজ’ছে। বেজ’ছৰ স্বপ্নৰ মহাকাশ যানখনৰ নিৰ্মাণত জড়িত হৈছিল ভাৰতীয়মূলৰ এগৰাকী অভিযন্তা।

ব্লু অৰিজিনৰ এইখন মহাকাশ যান তৈয়াৰ কৰাৰ দায়িত্বত থকা অভিযন্তাসকলৰ অন্যতম এজন হৈছে মহাৰাষ্ট্ৰৰ কল্যাণত জন্ম লাভ কৰা সঞ্জল গাভাণ্ডে। ৩০ বছৰ বয়সীয়া সঞ্জলে নিউ ছেফার্ড মহাকাশ যানৰ নিৰ্মাণত বিশেষ ভূমিকা গ্রহণ কৰিছিল।

মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং পাঠ্যক্রম অধ্যয়নৰ পাছত সঞ্জলে উচ্চ শিক্ষা গ্রহণৰ বাবে আমেৰিকাৰ মিচিগান টেকন’লজি বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল।

এই বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল আৰু সেই সময়ত তেওঁ এৰ’স্পেচ বিষয়ত অধ্যয়ন কৰিছিল। ব্লু অৰিজিনৰ মহাকাশ যান নির্মাণ প্রকল্প স’তে জড়িত হ’বলৈ সুযােগ লাভ কৰাত নিজকে গর্বিত অনুভৱ কৰা বুলি সঞ্জলে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে।

‘মই খুবেই আনন্দিত যে মােৰ শৈশৱৰ স্বপ্ন পূৰণ কৰিব পাৰিলাে। মই ব্লু অৰিজিনৰ অংশ হ’বলৈ সুযােগ লাভ কৰাত গর্বিত। ‘সঞ্জলে এইদৰে কয়। সঞ্জলৰ বাণিজ্যিক বৈমানিকৰ অনুজ্ঞাপত্ৰও আছে। পূর্বে তেওঁ ব্রানছউইক কর্প’ৰেচনত কৰ্মৰত হৈছিল আৰু নাছাত সংস্থাপনৰ বাবে আবেদন জনাইছিল যদিও নাগৰিকত্বৰ কাৰণত সেই সুযােগ লাভ নকৰিলে।

Exit mobile version