অসমতে সৰ্বাধিক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ

দেশত পাঁচ বছৰত ৩২৬টা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ

145217 untitled 1

নৰেন্দ্ৰ মোদী চৰকাৰৰ কাৰ্যকালত ২০১৪ৰ পৰা ২০১৯ লৈ পাঁচ বছৰত সমগ্ৰ দেশত ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত ৩২৬টা গোচৰ ৰুজু কৰা হৈছে যদিও মাত্ৰ ছজন অভিযুক্তহে দোষী সাব্যস্ত হৈছে । মাত্ৰ কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে এই বিতৰ্কিত আইনৰ প্ৰয়োজনীয়তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে । দেশৰ মুখ্যন্যায়াধীশ এন ভি ৰামনাই প্ৰশ্ন কৰে যে ব্ৰিটিছ কালৰে এই আইনৰ স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো কি প্ৰয়োজন আছে । আইনখনৰ চূড়ান্ত অপব্যৱহাৰ হোৱা বুলিও মুখ্যন্যায়াধীশে আক্ষেপেৰে কয় । স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধী, বাল গংগাধৰ তিলক আদিৰ দৰে মহান নেতাক দমন কৰিবলৈ এই আইনৰ প্ৰয়োগ কৰা হৈছিল । কেন্দ্ৰীয় চৰকাৰে ইয়াকে লৈ সৰ্বোচ্চ ন্যায়ালয়ে প্ৰশ্ন কৰিছে ।

শেহতীয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ২০১৪ৰ পৰা ২০১৯ৰ ভিতৰত বিতৰ্কিত ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত ৰুজু কৰা ৩২৬ টা গোচৰৰ ভিতৰত সৰ্বাধিক সংখ্যক গোচৰ অসমত ৰুজু কৰা হৈছে । অসমত মুঠ ৫৪ টা এনে গোচৰ ৰুজু কৰা হৈছে । বিগত ছবছৰত ৩২৬ টা গোচৰৰ ভিতৰত ১৪১ টা অভিযোগনামা দাখিল কৰাৰ লগতে মাত্ৰ ছজনক দোষী সাব্যস্ত কৰা হৈছে । ২০২০ত এই আইনৰ অধীনত কিমান সংখ্যক গোচৰ ৰুজু কৰা হ’ল সেই তথ্য এতিয়াও সদৰী কৰিব পৰা নাই কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ।

ইপিনে, অসমত ৫৪ টা ৰাষ্ট্ৰদ্ৰোহ গোচৰৰ ভিতৰত ২৬ টা অভিযোগনামা দাখিল কৰা হৈছে আৰু ২৫ টাৰ বিচাৰ প্ৰক্ৰিয়া সমাপ্ত হৈছে । এই পৰ্যন্ত এটা গোচৰতো এই সময়কালৰ ভিতৰত কাকো দোষী সাব্যস্ত কৰা হোৱা নাই বুলি কেন্দ্ৰৰ তথ্যত প্ৰকাশ । ঝাৰখণ্ডত দাখিল কৰা মুঠ ৪০ টা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰৰ ভিতৰত ২৬ টাত অভিযোগনামা দাখিল কৰা হৈছে আৰু ১৬টাৰ বিচাৰ প্ৰক্ৰিয়া সমাপ্ত হৈছে আৰু মাত্ৰ এজনকহে দোষী সাব্যস্ত কৰা হৈছে । হাৰিয়ানাত ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত ৰুজু কৰা মুঠ ৩১ টা গোচৰৰ ভিতৰত ১৯টাত অভিযোগনামা দাখিল কৰা হৈছে আৰু ছটাত বিচাৰ প্ৰক্ৰিয়াৰ অন্ত পৰিছে । দোষী সাব্যস্ত হৈছে এজন ।

২০১৪ৰ পৰা ২০১৯ৰ ভিতৰত বিহাৰ, জম্মু-কাশ্মীৰ আৰু কেৰালাত ২৫টাকৈ এনে গোচৰ ৰুজু কৰা হৈছে । বিহাৰ আৰু কেৰালাত এটা গোচৰতো অভিযোগনামা দাখিল কৰা হোৱা নাই । জম্মু-কাশ্মীৰত তিনিটা গোচৰত অভিযোগনামা দাখিল কৰিলেও কোনো দোষী সাব্যস্ত হোৱা নাই । একেদৰে উত্তৰপ্ৰদেশত এই সময়ছোৱাৰ ভিতৰত ১৭ টা আৰু পশ্চিমবংগত সাতটা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হ’লেও কোনো দোষী সাব্যস্ত হোৱা নাই ।

দিল্লীত ২০১৪ৰ পৰা ২০১৯ৰ ভিতৰত চাৰিটা গোচৰ ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে । কোনো এটা গোচৰতে অভিযোগনামা দাখিল কৰা হোৱা নাই । মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, ছিক্কিম, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লক্ষ্যদ্বীপ, চন্দীগড়, দমন আৰু দিউ, ড্ৰাছ আৰু নগৰ হাভেলিত এই সময়কালত ৰাষ্ট্ৰদ্ৰোহৰ কোনো গোচৰ ৰুজু কৰা হোৱা নাই । মহাৰাষ্ট্ৰত ২০১৫ত, পঞ্জাৱত একেটা বৰ্ষতে আৰু উত্তৰাখণ্ডত ২০১৭ত একোটাকৈ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হয় বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে । এই তথ্য অনুসৰি, ২০১৯ত সৰ্বাধিক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে মুঠ ৫৩টা । ২০১৮ত ১৭টা, ২০১৭ত ৫১টা, ২০১৬ত ৩৫টা, ২০১৫ত ৩০টা আৰু ২০১৪ত ৪৭টা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে ।

Exit mobile version