অসমত এগৰাকী মহিলা চিকিৎসকৰ শৰীৰত পোৱা গৈছে কৰ’নাৰ দুটা প্ৰকাৰ

ডিব্ৰুগড়ৰ এগৰাকী মহিলা চিকিৎসকৰ শৰীৰত কৰ’না ভাইৰাছৰ দুটা প্ৰকাৰৰ উপস্থিতি পোৱা গৈছে । ভাৰতত এইয়ে প্ৰথম কোনো ব্যক্তিৰ শৰীৰত ভাইৰাছৰ দুটা প্ৰকাৰৰ উপস্থিতি পোৱা গৈছে । অৱশ্যে মহিলাগৰাকীয়ে ইতিমধ্যে ক’ভিড প্ৰতিষেধকৰ দুটা পালি গ্ৰহণ কৰিছে । তেওঁ প্ৰতিষেধৰ দ্বিতীয় পালি গ্ৰহণ কৰাৰ এমাহ পাছতে ক’ভিডত আক্ৰান্ত হয় । মহিলাগৰাকী একেসময়তে ভাইৰাছৰ আলফা আৰু ডেল্টা প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হৈছে ।

বেলজিয়ামত এগৰাকী ৯০ বছৰীয়া বৃদ্ধাৰ শৰীৰত পুনপ্ৰথমবাৰ একেলগে দুটা ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল । অৱশ্যে বৃদ্ধাগৰাকীয়ে ক’ভিড প্ৰতিষেধক লোৱা নাছিল, ফলত চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয় ।

ডিব্ৰুগড়ৰ আইচিএম‌আৰ-আৰ‌এম‌আৰচিৰ নোডাৰ বিষয়া বিশ্বজ্যোতি বৰকাকতিয়ে এক সংবাদ মাধ্যমক জনায় যে, মহিলা চিকিৎসকগৰাকীৰ শৰীৰত একেলগে ভাইৰাছৰ দুটা প্ৰকাৰৰ নিশ্চিত কৰা হৈছে । হয়তো ভাৰতত এইটোৱে প্ৰথম ঘটনা ।

ডাঃ বৰকাকতিয়ে কয় যে, মহিলাগৰাকীয়ে দুজন ক’ভিড আক্ৰান্তৰ সংস্পৰ্শত অহাৰ বাবে দুটা প্ৰকাৰত সংক্ৰমিত হৈছে । চিকিৎসকগৰাকীৰ স্বামী ক’ভিডৰ আলফা প্ৰকাৰৰ দ্বাৰা আক্ৰান্ত । মহিলাগৰাকীৰ শৰীৰত দুটা প্ৰকাৰৰ উপস্থিতি নিশ্চিত কৰিবৰ বাবে তেওঁৰ পুনৰ পৰীক্ষণ কৰা হয় ।

Exit mobile version