কেলচিয়ামৰ সমস্যাত ভুগিছে নেকি ? ব্যৱহাৰ কৰক এই সমূহ খাদ্য

আদাৰ ৰস

ADVERTISEMENT

একৰ পৰা দুই চামুচ পৰিমাণৰ আদাৰ গুৰি লৈ দুই কাপ পানীত উতলাই এক কাপ পৰিমাণ কৰি এনেদৰে কিছুদিন ব্যৱহাৰ কৰিলে এই কেলচিয়ামৰ সমস্যা দূৰ কৰিব পাৰি।

তিল

তিলৰ গুৰি দৈনিক এক চামুচ মাত্ৰাত কিছুদিন সেৱন কৰিলে কেলচিয়ামৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

কাঠ বাদাম

চাৰিৰ পৰা পাঁচটা কাজু বাদাম ৰাতি তিয়াই ৰাখি পূৱা বাকলি গুছাই খাব লাগে আৰু লগত এক গিলাচ গাখীৰ খাব পাৰে। গাখীৰ আৰু কাঠবাদাম কেলচিয়ামৰ ভাল উৎস।

জিৰা

এল চামুচ জিৰা দুই গিলাচ পৰিমাণৰ পানীত উতলাই এক গিলাচ পৰিমানে ৰাখি চাহ খােৱাৰ দৰে খাব লাগে কেলচিয়ামৰ সমস্যাৰ বাবে ই বৰ উপযােগী।

ইয়াৰ উপৰিও ভিটামিন চি যুক্ত খাদ্য যেনে – গাখীৰ, মাখন, পনীৰ, মাছ, কণী আদিৰ লগতে ঘেহু, ৰাজমাহ, মগু,মতৰ আদি ব্যৱহাৰ কৰি এই কেলচিয়াম সমস্যা দূৰ কৰিব পাৰি।

সেউজীয়া শাক-পাচলী

পালেং, ফুলকবি, চালগুম, গাজৰ, বিলাহী ইত্যাদি।

ফল মূল

অমিতা, কমলা, লিচু, অনাৰস, ইত্যাদি কেলচিয়ামৰ ভাল উৎস।।কেলচিয়ামৰ সমস্যাৰ পৰা মুক্তি পাবৰ বাবে ৰাতিপূৱা আঠ বজাৰ পৰ ১০ বজাৰ মাজৰ সময়চোৱাত ১০ ৰ পৰা ১৫ মিনিত সময় সূর্যৰ তাপ ললে এই কেলচিয়ামৰ সমস্যা দূৰ হয়।

Exit mobile version