ব্ৰাজিলৰ লাছা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ “বেলকনিত ভগৱান”

WhatsApp Image 2021 07 20 at 6.49.21 PM

ক’ভিড পৰিস্থিতিৰ মাজতো অসমীয়া ছবি জগতৰ বাবে সুখবৰ ৷ ইখনৰ পাছত সিখন বিশ্বৰ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চলচ্চিত্ৰ “বেলকনিত ভগৱান“ (গড অন দ্য বেলকনি) -এ প্ৰতিযোগিতাত স্থান লাভ কৰিছে।

যোৱা ১১ জুলাইত লণ্ডনৰ ৰেইনবো ছ’চাইটিৰ বিশেষ বঁটা পোৱা আৰু জাৰ্মানীৰ ষ্টুৰ্টগাৰ্টত হ’ব লগা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত স্কুল অৱ দ্য ইয়েৰ সন্মান লভা “বেলকনিত ভগৱান” চলচ্চিত্ৰখন অহা ২৩ জুলাইৰ পৰা ব্ৰাজিলৰ লাছা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জাৰ্মানীৰ “জু ডেন ষ্টাৰনেন”, জাপানৰ “ৱমেন অফ দ্য ফটোগ্ৰাফাৰ”, বুলগেৰিয়াৰ “চিবিল”,তুৰ্কীৰ “টোপৰাক”, ইংৰাজী ভাষাৰ “কম্প্ৰেনিয়ন” আদি চলচ্চিত্ৰৰ লগত নেৰেটিভ শাখাত প্ৰতিদনদ্বিতাত অৱতীৰ্ণ হ’ব৷

বলিষ্ঠ পৰিচালক বিশ্বজিত বৰাই পৰিচালনা কৰা বেলকনিত ভগৱান প্ৰযোজনা কৰিছে “জেতুকা পাতৰ দৰে” চলচ্চিত্ৰখনৰ বাবে ৰজত কমল প্ৰাপক সাহিত্যিক নুৰুল চুলতানে৷

Exit mobile version