বিজেপি নেত্ৰী খুসবু সুন্দৰৰ টুইটাৰ একাউণ্ট হেক হৈছে । বিগত তিনিদিনৰ পৰা নিজৰ একাউণ্টটো চলাব পৰা নাই বুলি আজি জানিবলৈ দিয়ে অভিনেত্ৰী-ৰাজনীতিবিদগৰাকীয়ে ।
তেওঁ কয় যে, অভিযোগ দাখিল কৰিবৰ বাবে আজি তেওঁ তামিলনাডুৰ আৰক্ষী বিষয়াৰ স’তে দেখা কৰিব আৰু লগতে কয় যে, টুইটাৰে প্ৰথমে তেওঁক তেওঁৰ একাউণ্টৰ সম্ভাৱনীয় উলংঘনৰ বাবে সতৰ্ক কৰিছিল কিন্তু তাৰ পাছত কোনো প্ৰতিক্ৰিয়া দেখা নাযায় ।
সামাজিক মাধ্যমত ১.৩ মিলিয়ন ছাবস্ক্ৰাইবাৰ থকা নেত্ৰী সুন্দৰৰ ১৮ জুলাইৰ পাছত টুইটাৰ টাইমলাইনত থকা টুইট আৰু হেছটেগ হেকাৰেই প্ৰকাশ কৰা বুলি সন্দেহ কৰা হৈছে । ইয়াৰ পূৰ্বেও, তেওঁৰ একাউণ্টত প্ৰদৰ্শিত নাম পুনৰুদ্ধাৰ কৰাৰ আগতে পৰিৱৰ্তন কৰি ‘ব্ৰায়ন’ কৰি দিয়া হৈছিল ।
সংবাদ মাধ্যমৰ আগত নেত্ৰীগৰাকীয়ে কয়, ‘মই আশা কৰো, হেকাৰৰ দ্বাৰা ডিলিত বা আৰ্কাইভ কৰা টুইটবোৰে যাতে ঘৃণা, হিংসাত্মক উচতনি বা কাকো ব্যক্তিগত আক্ৰমণ নকৰে । লগতে, দেশদ্ৰোহী কামৰ বাবেও ব্যৱহাৰ কৰিব নালাগে ।’
নেত্ৰী সুন্দৰ (৫০), চলিত বৰ্ষৰ তামিলনাডু বিধানসভা নিৰ্বাচনত চেন্নাইৰ থাউজেণ্ড লাইট বিধানসভাৰ বিজেপিৰ প্ৰাৰ্থী আছিল । তেওঁ ডিএমকেৰ প্ৰাৰ্থীৰ দ্বাৰা পৰাজিত হয় ।
তেওঁ বিগত বৰ্ষৰ অক্টোবৰত বিধানসভা নিৰ্বাচনৰ আগে আগে কংগ্ৰেছক ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল । তেওঁ কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীলৈ লিখা পদত্যাগ পত্ৰত লিখে, তেওঁ অনুভৱ কৰিছে যে বাস্তৱৰ স’তে যোগাযোগ নথকা কোনো লোকে তেওঁক ‘হেঁচা আৰু দমন’ কৰিছে ।
তেওঁ তামিলনাডুত বিজেপিৰ শীৰ্ষস্থানীয় ব্যক্তিত্ব হৈ পৰে ।