অষ্ট্ৰেলিয়াৰ ব্ৰিছবেনত অনুষ্ঠিত হ’ব ২০৩২ৰ অলিম্পিক

000 9FH4GK

অষ্ট্ৰেলিয়াৰ ব্ৰিছবেন চহৰক নিৰ্বাচিত কৰা হৈছে ২০২৩ৰ অলিম্পিকৰ আয়োজক হিচাপে । ৩২ বছৰৰ পাছত অষ্ট্ৰেলিয়াত পুনৰ অলিম্পিক আয়োজন কৰা হ’ব । ২০০০ত ছিডনীত অলিম্পিক অনুষ্ঠিত হৈছিল ।

ব্ৰিছবেনক ৭২-৫ ভোটত বাছনি কৰা হয় । অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে কয়, ‘আমি জানো কেনেদৰে সফল অলিম্পিক অনুষ্ঠিত কৰা হয় ।’

২০২৪ৰ অলিম্পিক আয়োজন কৰিব পেৰিছে । ২০২৮ৰ অলিম্পিক অনুষ্ঠিত হ’ব লছ এঞ্জেলছত । বুধবাৰে টকিঅ’ৰ পৰাই অলিম্পিক আয়োজকসকলে ব্ৰিছবেনৰ নাম ঘোষণা কৰে ।

কেইমাহমানৰ পূৰ্বেই অনুমান কৰা হৈছিল যে ২০৩২ৰ অলিম্পিক আয়োজনৰ দায়িত্ব ব্ৰিছবেনেই লাভ কৰিব । সেয়ে ক’ভিড পৰিস্থিতিৰ মাজতো অষ্ট্ৰেলিয়াৰ একাধিক প্ৰতিনিধি টকিঅ’ত উপস্থিত হয় ।

২০৩২ৰ অলিম্পিক আয়োজনৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল হাংগেৰী, চীন, জাৰ্মানীয়ে । অৱশেষত অষ্ট্ৰেলিয়াৰ ব্ৰিছবেনকে নিৰ্বাচিত কৰা হয়

Exit mobile version