ক’ভিডত ব্যাহত ফ্লু-টিকাকৰণ, ফলত বৃদ্ধি পাইছে ইনফ্লুয়েঞ্জা : দাবী চিকিৎসকৰ

Influenza Vaccine

দেশত ক’ভিডৰ সংক্রমণ কিছু হ্রাস পালেও চহৰ-নগৰত ক্রমে বৃদ্ধি পাবলৈ ধৰিছে ইনফ্লুয়েঞ্জাৰ দৰে বতৰৰ নানা ৰােগ। পশ্চিমবংগসহ দেশৰ একাধিক ৰাজ্যত বেচৰকাৰী চিকিৎসালয়ত সম্প্রতি তীব্র জ্বৰসহ একাধিক উপসর্গ লৈ ভর্তি হােৱা ৰােগীৰ সংখ্যা বৃদ্ধি পাইছে।

ক’ভিডৰ সম্ভাৱ্য তৃতীয় ঢৌৰ আগমনৰ পূর্বে এইদৰে দেশৰ বিভিন্ন ৰাজ্যত বহু লােক ইনফ্লুয়েঞ্জাজনিত জুৰত আক্রান্ত হােৱাত চিকিৎসকসকল চিন্তিত হৈছে।

অতীততাে বাৰিষাৰ বতৰত দেশত ইনফ্লুয়েঞ্জাৰ প্রকোপ প্রত্যক্ষ হৈছিল। কিন্তু চলিত বৰ্ষত দেশৰ বিভিন্ন অঞ্চলত ইনফ্লুয়েঞ্জা বৃদ্ধিৰ বাবে প্রত্যক্ষভাৱে ক’ভিডক জগৰীয়া কৰিলে চিকিৎসকে।

ইনফ্লুয়েঞ্জাৰ টিকা গ্রহণ কৰিলে বতৰজনিত জ্বৰত আক্রান্ত হােৱাৰ পৰা সকাহ লাভ কৰিব পাৰি। কিন্তু ক’ভিড আতংক আৰু ক’ভিডৰ যুঁজত সকলােৱে বিগত ডেৰ বছৰ ধৰি অত্যধিক ব্যস্ত থাকিব লগা হােৱাত দেশত ব্যাহত হৈছে ফ্ল-টিকাকৰণ।

ইনফ্লুয়েঞ্জাৰ টিকা ল’বলৈ বহুতে ক’ভিভৰ শংকাতাে চিকিৎসালয়লৈ যাব পৰা নাই। ফলত চলিত বৰ্ষত দেশৰ বিভিন্ন অঞ্চলত ইনফ্লুয়েঞ্জাৰ সংক্রমণ বৃদ্ধি পাইছে বুলি মত প্ৰকাশ কৰিলে সংক্রামক ৰােগ বিশেষজ্ঞই।

ক’ভিডত আক্রান্ত হােৱাৰ ফলত গুৰুতৰ অসুস্থৰ মাজত ৰােগ প্ৰতিৰােধ ক্ষমতা হ্রাস পাইছে।।হাওঁফাওঁত সংক্রমণ হােৱা লােকসকলৰ ক্ষেত্ৰতাে সুস্থ হ’বলৈ অধিক সময়ৰ প্রয়ােজন হৈছে।

এনে অৱস্থাত ইনফ্লুয়েঞ্জাৰ সংক্রমণে কম ৰােগ প্ৰতিৰােধ ক্ষমতাসম্পন্ন ৰােগীক বিপদগ্রস্ত কৰিব পাৰে বুলি আশংকা প্রকাশ কৰিলে চিকিৎসকে। ক’ভিড কালত বয়ােজ্যেষ্ঠ, হাওঁফাওঁৰ ৰােগী, হাঁপানী ৰােগী বা ৰােগ প্ৰতিৰােধ ক্ষমতা কম থকা লােকসকলক সেয়েহে তৎকালীনভাৱে ফুৰ টিকা ল’বলৈ পৰামর্শ দিলে সংক্রামক ৰােগ বিশেষজ্ঞই।

ডাঃ দেৱকিশােৰ গুপ্তই কয় যে বছৰত এবাৰ এই টিকা গ্রহণ কৰিলে মানৱ শৰীৰত ইনফ্লুয়েঞ্জাৰ বিৰুদ্ধে ৰােগ প্ৰতিৰােধ ক্ষমতা সৃষ্টি হয়। আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কন্ট্র’ল এণ্ড প্রিভেনচন (চি ডি চি)-এ বছৰত সকলাে লােককে ইনফ্লুয়েঞ্জাৰ প্ৰতিষেধক এবাৰ গ্ৰহণ কৰিবলৈ পৰামর্শ দিছে।

ইয়াৰ জৰিয়তে এজন ব্যক্তিয়ে বতৰজনিত বিভিন্ন জ্বৰৰ পৰা ৰেহাই লাভ কৰিব পাৰে। দুবছৰ ঊর্ধ্বৰ বয়সৰ প্ৰতিজন লােকে এই টিকা গ্ৰহণ কৰিব পাৰে। অৱশ্যে বয়্যেজ্যেষ্ঠসকলে ফ্লু-টিকা অধিক গ্রহণ কৰি আহিছে।

বিশিষ্ট চিকিৎসক দেৱৰাজ যশে দেশত হঠাতে ইনফ্লুয়েঞ্জা আক্রান্ত লােকৰ সংখ্যা বৃদ্ধি পােৱাৰ সন্দৰ্ভত মন্তব্য কৰি ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত কয়,‘ক’ভিডৰ ফলত বয়ােজ্যেষ্ঠসকলে চিকিৎসালয়লৈ আহিবলৈ নিবিচৰাত ফ্লু-প্রতিষেধক ল’ব পৰা নাই।

বহুতে আকৌ ধাৰণা কৰে যে ক’ভিড প্রতিষেধক ল’লে ইনফ্লুয়েঞ্জা নহয়। তদুপৰি একেটা বছৰতে ক’ভিড আৰু ইনফ্লুয়েঞ্জাৰ প্ৰতিষেধক দুটা একেলগে ল’লে বিপৰীত প্রতিক্রিয়াৰ শংকাতাে বহুতে সম্প্রতি ফ্লুৰ প্রতিষেধক গ্রহণৰ পৰা বিৰত আছে।

টিকা গ্রহণ নকৰাৰ ফলত ভাৰতত চলিত বৰ্ষত ইনফ্লুয়েঞ্জাৰ প্রকোপ অধিক হৈছে। ডাঃ যশৰ মতে, ক’ভিড আৰু ইনফ্লুয়েঞ্জাৰ প্রতিষেধক একেলগে গ্ৰহণ কৰাত কোনাে চিন্তাৰ কাৰণ নাই।

প্রয়ােজনত চিকিৎসকৰ স’তে আলােচনা কৰি বয়ােজ্যেষ্ঠ আৰু ৰােগ প্ৰতিৰােধ ক্ষমতা কম থকা লােকসকলে ইনফ্লুয়েঞ্জাৰ প্রতিষেধক লােৱা উচিত বুলি ডাঃ যশে পৰামর্শ দিয়ে। ভাৰতত প্রতি বছৰৰ ছেপ্টেম্বৰ-অক্টোবৰত এই প্রতিষেধক লােৱাটো জৰুৰী।

চিকিৎসকে লগতে প্রকাশ কৰা অনুসৰি, প্রতিষেধক গ্রহণৰ তিনিৰ পৰা চাৰি সপ্তাহৰ ভিতৰত শৰীৰত ইনফ্লুয়েঞ্জাৰ বিৰুদ্ধে ৰােগ প্ৰতিৰােধ ক্ষমতা গঢ় লৈ উঠে।

Exit mobile version