তালিবানৰ ধমকত শংকিত তুৰস্কৰ ৰাষ্ট্রপতিয়ে বিচাৰিলে আমেৰিকাৰ সহায়

000 Par7790754

আফগানিস্তানৰ ৰাজধানী কাবুললৈকে ৰকেট নিক্ষেপ কৰা তালিবান সন্ত্রাসবাদীয়ে নিদ্ৰাহৰণ কৰিলে তুৰস্কৰ ৰাষ্ট্রপতি ৰিচেপ টয়িপ এড্র’গানৰ।

মুছলিম বিশ্বৰ ‘খলিফা’ হ’বলৈ স্বপ্ন দেখি অহা এড্র’গানে কাবুল বিমানকোঠৰ নিৰাপত্তা ব্যৱস্থা নিয়ন্ত্রণত ৰাখিবলৈ আমেৰিকাৰ পৰা বিত্তীয় আৰু ৰাজনৈতিক পৃষ্ঠপােষকতা বিচাৰিলে।

উল্লেখ্য যে তালিবানে অলপতে এড্র’গানক ধমক দি কৈছিল যে যদিহে তুৰস্কৰ সেনাবাহিনীয়ে অচিৰে আফগানিস্তান ত্যাগ নকৰে, তেন্তে তালিবানে ইয়াৰ প্রত্যুত্তৰ দিবলৈ সাজু আছে।

তালিবানৰ এই ধমকৰ পাছতে তুৰস্কৰ ৰাষ্ট্রপতিয়ে সন্ত্রাসবাদী সংগঠনটোক নিয়ন্ত্রণ কৰাৰ বাবে আমেৰিকাৰ সহায় বিচাৰিলে। উল্লেখ্য যে আফগানিস্তানৰ পৰা ইতিমধ্যে আমেৰিকাই মার্কিন সেনা প্রত্যাহাৰ প্রক্রিয়া আৰম্ভ কৰিছে আৰু ইয়াৰ লগে লগে আকৌ এবাৰ তালিবান দেশখনত সক্রিয় হৈ উঠিছে।

Exit mobile version