মােদীৰ ‘মন কী বাত’ৰ উপার্জন ৩০.৮০ কোটি টকা : লােকসভাত তথ্য দাখিল

966585 pm narendra modi

প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে বর্তমানলৈকে ৩০.৮০ কোটি টকাৰ ৰাজহ লাভ কৰা হৈছে। কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রণালয়ে ৰাজ্যসভাত এই তথ্য দাখিল কৰে।

ADVERTISEMENT

মন্ত্রণালয়ে প্রকাশ কৰা অনুসৰি, ২০১৪ৰ পৰা বৰ্তমানলৈকে প্রধানমন্ত্রীয়ে দেশবাসীক সম্বােধন কৰি পৰিৱেশন কৰা ‘মন কী বাত’ৰ জৰিয়তে মুঠ ৩০.৮০ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছে।

২০১৭-১৮ বৰ্ষত এই অনুষ্ঠানৰ জৰিয়তে সর্বাধিক ১০.৬৪ কোটি টকা উপার্জন কৰা হৈছিল। মন কী বাত’ অনুষ্ঠান প্রতি মাহৰ অন্তিমটো দেওবাৰে পুৱা ১১ বজাত আকাশবাণী আৰু দূৰদৰ্শনৰ মাধ্যমৰে সম্প্রচাৰ কৰা হয়।

কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে এক লিখিত প্রশ্নৰ উত্তৰ দি ৰাজ্যসভাত দাখিল কৰা তথ্যত লগতে কয় যে বর্তমানলৈকে প্ৰচাৰ ভাৰতীয়ে ‘মন কী বাত’ৰ ৭৮ খণ্ড প্রচাৰ কৰিছে।

আকাশবাণী আৰু দূৰদৰ্শনৰ বাবেও ৯১ টা ব্যক্তিগত চেনেল আৰু ডি টি এইচ মঞ্চত এই অনুষ্ঠানৰ সম্প্ৰচাৰ হৈ আহিছে। ২০১৪-১৫ত অনুষ্ঠানৰ জৰিয়তে ১.১৬ কোটি টকাৰ ৰাজহ লাভ কৰা হৈছিল।

২০১৫-১৬ত ২.৮১ কোটি টকা, ২০১৬-১৭ত ৫.১৪ কোটি টকা আৰু ২০১৮-১৯ বৰ্ষত ৭.৪৭ কোটি টকাৰ ৰাজহ এই অনুষ্ঠানৰ জৰিয়তে লাভ কৰা হৈছিল।

Exit mobile version