ৰাজ কুন্দ্রাৰ বিৰুদ্ধে মডেল-অভিনেত্রীৰ অভিযােগ : অডিচনত মােক নগ্ন হ’বলৈ কৈছিল

newsinner 20210211132142 1

মডেল-অভিনেত্রী সাগৰিকা সােণা সুমনক ৱেব ছিৰিজত অভিনয়ৰ সুযােগ দিয়াৰ প্রতিশ্রুতি দিছিল অশ্লীল ছবি নির্মাণৰ অভিযােগত মুম্বাই আৰক্ষীয়ে গ্রেপ্তাৰ কৰা বিশিষ্ট ব্যৱসায়ী ৰাজ কুন্দ্রাই।

কিন্তু অডিচন গ্ৰহণৰ সময়ত সাগৰিকাক নগ্ন হ’বলৈ নির্দেশ দিছিল কুন্দ্রা আৰু তেওঁৰ দুই সহযােগীয়ে। যােৱা ফেব্ৰুৱাৰীতে সাগৰিকাই এই সন্দৰ্ভত মুম্বাই আৰক্ষীক অভিযােগ দিছিল।

অভিযােগত সাগৰিকাই দাবী কৰি কৈছিল যে মুম্বাইত অশ্লীল ছবি নির্মাণৰ এক বৃহৎ চক্র সক্রিয় হৈ আছে আৰু এই চক্ৰটোৰ নেতৃত্বত আছে ব্যৱসায়ী ৰাজ কুন্দ্রা।

যােৱা বছৰৰ আগষ্টত সাগৰিকাই ভিডিঅ’ কলৰে এক অডিচনত অংশ লােৱাৰ সময়ত কুন্দ্রাই তেওঁক নগ্ন হ’বলৈ নির্দেশ দিছিল বুলি মডেল-অভিনেত্রীগৰাকীয়ে অভিযােগ কৰিছিল।

অৱশ্যে সাগৰিকাই এই প্রস্তাৱ প্রত্যাখ্যান কৰিছিল। সাগৰিকাই লগতে কৈছিল যে। ভিডিঅ’যােগে অডিচন লােৱাৰ সময়ত কুন্দ্ৰাৰ লগতে আন দুজন ব্যক্তিয়েও উপস্থিত আছিল।

সাগৰিকাৰ এই অভিযােগ তদন্ত চলাই সোমাবাৰে নিশা মুম্বাই আৰক্ষীয়ে কুন্দ্রাক জিম্মাত লয়।

Exit mobile version